কমলপুৰ আৰক্ষীৰ জালত এগৰাকী দুধৰ্ষ ডকাইত
কামৰূপ, ১৩ মে (হি.স.)। কমলপুৰ আৰক্ষীৰ জালত এগৰাকী দুধৰ্ষ ডকাইত । মেলা ওৰফে জানমেহমুদ নামৰ ডকাইত জনে লগৰ অন্য এজন সহযোগীৰ সহায়ত লুট কৰি নিছিল ১৬ লাখ টকা । এজাহাৰত উল্লেখ কৰা মতে মলচন্দ শৰ্মা নামৰ ব্যৱসায়ী জনে ট্ৰাকৰ চালকৰূপী ডকাইত মেলাৰ সতে গুৱাহাটী
কমলপুৰ আৰক্ষীৰ জালত এগৰাকী দুধৰ্ষ ডকাইত


কামৰূপ, ১৩ মে (হি.স.)। কমলপুৰ আৰক্ষীৰ জালত এগৰাকী দুধৰ্ষ ডকাইত । মেলা ওৰফে জানমেহমুদ নামৰ ডকাইত জনে লগৰ অন্য এজন সহযোগীৰ সহায়ত লুট কৰি নিছিল ১৬ লাখ টকা । এজাহাৰত উল্লেখ কৰা মতে মলচন্দ শৰ্মা নামৰ ব্যৱসায়ী জনে ট্ৰাকৰ চালকৰূপী ডকাইত মেলাৰ সতে গুৱাহাটীলৈ সামগ্ৰী আনিবলৈ গৈ আছিল ।

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডলমা গেট পোৱাৰ লগে লগে ট্ৰাকৰ বিজুতি হোৱা বুলি ৰখাই দিয়ে । সেই মুহুৰ্ততে মেলাৰ সহযোগী এজনে স্কুটিৰে আহি সেই স্থানত উপস্থিত । লগে লগে সহযোগী জনে মলচন্দ শৰ্মাক পুতলা পিষ্ট দেখুৱাই মেলাৰ সতে টকাখিনি লুট কৰি উধাও হয় ।ঘটণা সম্পৰ্কে মলচন্দ শৰ্মাই কমলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই তামোলপুৰ জিলাৰ কাউৰবাহা আৰক্ষী চকীৰ অন্তৰ্গত খন্দিগড় গাৱৰ পৰা মেলাক আটক কৰে । লগতে মেলাৰ পৰা ডকাইতিত ব্যৱহাৰ কৰা স্কুটি এখন , পুতলা পিষ্টল এটা আৰু লুট কৰা টকাৰ ১৩ লাখ ৩৬ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় । কিন্তু মেলাৰ সহযোগী জন এতিয়াও পলাতক ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande