কুৰুৱাবাহীৰ চিনাকান কলাবৰীয়া বিল খনন প্ৰকল্প বাতিলৰ দাবীত ৰাইজৰ প্ৰতিবাদ
গোলাঘাট, ১৩ মে (হি.স.)। কোনো পূৰ্ব পৰিকল্পিত আঁচনি যুগুত নকৰাকৈ ভূমি সংৰক্ষণ বিভাগে ভূমি সংৰক্ষণৰ বিপৰীতে বিল খনন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি খনন কাৰ্য বন্ধ কৰি খননত ব্যৱহৃত এস্কেভেটৰ ঘ
কুৰুৱাবাহীৰ চিনাকান কলাবৰীয়া বিল খনন প্ৰকল্প বাতিলৰ দাবীত ৰাইজৰ প্ৰতিবাদ


গোলাঘাট, ১৩ মে (হি.স.)। কোনো পূৰ্ব পৰিকল্পিত আঁচনি যুগুত নকৰাকৈ ভূমি সংৰক্ষণ বিভাগে ভূমি সংৰক্ষণৰ বিপৰীতে বিল খনন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি খনন কাৰ্য বন্ধ কৰি খননত ব্যৱহৃত এস্কেভেটৰ ঘুৰাই পঠায় ৷ কৃষিভূমি ৰক্ষা কৰক-গাঁও বচাওক, জনবিৰোধী আঁচনি বাতিল কৰক এই শ্ল'গানেৰে ঐতিহাসিক কুৰুৱাবাহীৰ চিনাকান কলাবৰীয়া বিল খনন প্ৰকল্প বাতিলৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ৰাজ্যৰ ভূমি সংৰক্ষণ বিভাগে কলাবৰীয়া বিলত স্থানীয় ঠিকাদাৰৰ সহযোগত খান্দিছে বৃহৎ বৃহৎ পুখুৰী ।

এই খনন কাৰ্য বন্ধ কৰিবৰ বাবে স্থানীয় ৰাইজে গোলাঘাট জিলা আয়ুক্ত, বোকাখাত সমজিলা প্ৰশাসন, ভূমি সংৰক্ষণ বিভাগক আবেদন দিয়াৰ পিছতো কোনো ফল লাভ কৰা নাই ৷ ৮৫ মিটাৰ বহল ৫৩২ মিটাৰ দীঘল পুখুৰী খন্দা প্ৰকল্পটো বন্ধ কৰাৰ দাবী উত্থাপন কৰি খননস্থলীত স্থানীয় ৰাইজে জাতীয় সংগঠনৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বানাক্ৰান্ত অঞ্চলটোৰ ৰাইজক সম্পূৰ্ণ অজ্ঞাতে ৰাখি এই খনন কাৰ্য চলাই আছে ৷ এনে বৃহৎ পুখুৰী হ'লে কুৰুৱাবাহী চিনাকানৰ কেইবা শতাধিক কৃষক সৰ্বস্বান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে জাতীয় সংগঠনৰ লগতে স্থানীয় ৰাইজে । যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মহকুমা সাংবাদিক সন্থা, জীপাল কৃষক শ্ৰমিক সংঘকে ধৰি অঞ্চলবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্থলীত ভূমি সংৰক্ষণ বিভাগৰ লোক উপস্থিত হোৱাত জবাবদিহী কৰে ৷ বোকাখাত সমজিলা প্ৰশাসনৰ পৰা দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ বিষয়টো মিমাংসাৰ বাবে ৰাইজ মেল অনুষ্ঠিত কৰাৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী শাম কাটে ৷ ইয়াৰ পূৰ্বে চিনাকান নামঘৰত এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande