
নলবাৰী, ১৩ মে (হি.স.)। নলবাৰী জিলা কৃষি বিভাগৰ এটি দলে মুকালমুৱা অঞ্চলৰ খেতি পথাৰ পৰিদৰ্শন ।মুকালমুৱাৰ বিভিন্ন অঞ্চলত ধানৰ সলনি দেখা দিছে পতান। ইয়াক লৈ খেতিয়কসকলৰ পানিত হাহ নচৰা অবস্থা হৈছে।কৃষি বিষয়াই জনিব দিয়া অনুসৰি বিজবোৰত নেটপ্লাচ আক্ৰান্ত হোৱা বুলি কয়।
নেটপ্লাছ বিজানু বিজ ক্ৰয় কৰাৰ সময়তে বিজত আক্ৰান্ত হোৱা বুলি কয় গতিকে সকলো কৃষকক বিজ খেতি কৰাৰ আগত বিষয়াৰ লগত যোগাযোগ কৰিব আহ্বান জনায়।মুকালমুৱাৰ ঘোগা, লাউতোলা, বদনি আখিয়া, চতেমাৰীৰ, লোহাৰকাঠা আদি অঞ্চলত ধানখেতিত দেখা দিয়া ‘পতান’ সমস্যাই কৃষকসকলক গভীৰ চিন্তাত পেলাইছে।
শ শ বিঘা কৃষিভূমিত ধানৰ শীহত চাউল নধৰি পতান ওলোৱাত কৃষকসকলে ব্যাপক লোকচানৰ সন্মুখীন হৈছে।আজি নলবাৰী জিলা কৃষি বিষয়ৰ লগতে বৰক্ষেত্ৰী মহকুমা কৃষি বিষয়া নেতৃত্বত কৃষি বিভাগৰ এটা দল খেতিপথাৰসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত কৃষি বিভাগৰ বিষয়াসকলে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত চলোৱাৰ আশ্বাস দিয়ে। সকলো খেতিৰে বিমা কৰিবলৈ নলবাৰী জিলা কৃষি বিষয়াই আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ