
গুৱাহাটী, ১২ মে' (হি.স.)। অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি মঙলবাৰে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে খানাপাৰাত অভিজিৎ মুহূৰ্তত শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰে । এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা বহুকেইগৰাকী নেতাই আজি মঙলবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে।
শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে অসমত উপস্থিত ২২খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী। শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বহুকেইগৰাকী নেতাই কামাখ্যা মন্দিৰ দৰ্শন কৰে। পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে. একেদৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী সুনেত্ৰা পাৱাৰে দৰ্শন কৰে কামাখ্যা মন্দিৰ।
বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কামাখ্যা মন্দিৰ দৰ্শন কৰি প্ৰাৰ্থনা কৰে। একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে। ইফালে শপতগ্ৰহণৰ পূৰ্বে কামাখ্যাত উপস্থিত হয় তামুলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰী। মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ শক্তিপীঠত উপস্থিত হয় দৈমাৰী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া