মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কণমানি তানিষ্ঠা
গুৱাহাটী, ১২ মে'' (হি.স.)। অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি মঙলবাৰে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। সুদৃশ্য মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ল
মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কণমানি তানিষ্ঠা


গুৱাহাটী, ১২ মে' (হি.স.)। অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি মঙলবাৰে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। সুদৃশ্য মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব হিমন্ত বিশ্ব শৰ্মাই। ইফালে ভিভিআইপি-ভিআইপিৰ মাজতে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ লাভ কৰিছে বোকাখাতৰ এগৰাকী কণমানিয়ে। এই কনমানিগৰাকী হৈছে প্ৰথম নিমন্ত্ৰিত অতিথি কমাৰগাঁৱৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী তানিষ্ঠা দুৱৰা।

উল্লেখ্য যে কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ১২ মে’ত অৰ্থাৎ আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰথমগৰাকী নিমন্ত্ৰিত অতিথি হিচাপে বিবেচিত হৈছে কমাৰগাঁৱৰ কণমানি তানিষ্ঠা দুৱৰা। প্ৰণিধানযোগ্য যে যোৱা ৪ মাৰ্চত বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁৱৰ এক জনসভাত তানিষ্ঠাই মুখ্যমন্ত্ৰীক নিজ হাতে অঁকা এখন ছবি আৰু এখন বিশেষ চিঠি উপহাৰ দিছিল। চিঠিখিনত তানিষ্ঠাই মুখ্যমন্ত্ৰীৰ দ্বিতীয়বাৰৰ শপত গ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ হেঁপাহ প্ৰকাশ কৰিছিল। তানিষ্ঠাৰ পত্ৰ পঢ়ি মুখ্যমন্ত্ৰীয়ে লগে লগে মন্ত্ৰী অতুল বৰাক দায়িত্ব দিছিল যাতে তানিষ্ঠাক শপত গ্ৰহণ অনুষ্ঠানলৈ অনাৰ সকলো ব্যৱস্থা কৰা হয়।

নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই নিজৰ জয়ক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰীয়ে দিয়া কথা ৰাখি কণমানি ছাত্ৰীগৰাকীক নিমন্ত্ৰণ জনোৱা কাৰ্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ভিভিআইপিৰ ভিৰৰ মাজত এগৰাকী ছাত্ৰীক প্ৰথম অতিথিৰ মৰ্যাদা দি মুখ্যমন্ত্ৰীয়ে তেওঁৰ সংবেদনশীলতাৰ পৰিচয় দিছে। এই খবৰে তানিষ্ঠাৰ সাংবাদিক পিতৃ ৰিণ্টু দুৱৰা আৰু শিক্ষয়িত্ৰী মাতৃ ৰেখা দত্ত দুৱৰা তথা সমগ্ৰ কমাৰগাঁওবাসীক উৎফুল্লিত কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande