দৰং মহাবিদ্যালয়ত সমলয় শীৰ্ষক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান সম্পন্ন
–পৰিৱেশ কলা কেন্দ্ৰৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন সত্ৰীয়া ,কথক ,ভাৰত নাট্যম নৃত্যৰে মুখৰিত প্ৰেক্ষাগৃহ –সুৰ সমলয় ,সমূহীয়া বাঁহী বাদন ,ছুটি নাটকৰ মনোৰম অনুষ্ঠানৰে মুখৰিত –মহাবিদ্যালয়খনৰ পৰিৱেশ্য কলা কেন্দ্ৰ ৰ জৰিয়তে শিক্ষাৰ্থীৰ
দৰংমহাবিদ্যালয়ৰ পৰিবেশ্য কলা কেন্দ্ৰৰ বিশেষ উদ্যোগ  সমলয় শীৰ্ষক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান সম্পন্ন


–পৰিৱেশ কলা কেন্দ্ৰৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন সত্ৰীয়া ,কথক ,ভাৰত নাট্যম নৃত্যৰে মুখৰিত প্ৰেক্ষাগৃহ

–সুৰ সমলয় ,সমূহীয়া বাঁহী বাদন ,ছুটি নাটকৰ মনোৰম অনুষ্ঠানৰে মুখৰিত

–মহাবিদ্যালয়খনৰ পৰিৱেশ্য কলা কেন্দ্ৰ ৰ জৰিয়তে শিক্ষাৰ্থীৰ সুকুমাৰ কলাৰ পাৰদৰ্শিতা প্ৰতিপন্ন হৈছে --ড০ পলাশমণি শইকীয়া

শোণিতপুৰ, ১২ মে’ (হি.স.)। ৰাজ্যখনৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰৰ স্বায়ত্তশাসিত দৰংমহাবিদ্যালয়ৰ পৰিবেশ্য কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ দৃষ্টিনন্দন সত্ৰীয়া, কথক, ভাৰত নাট্যম নৃত্য, নাটকৰ লগতে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানেৰে আজি জীপাল হৈ পৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহৰ বিপিন পাল দাস সোঁৱৰণী মঞ্চ ।

উল্লেখ্য যে স্বায়ত্ত শাসিত মহাবিদ্যালয়খনৰ পৰিবেশ্য কলা কেন্দ্ৰৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সহযোগত আজি দূপৰীয়াৰ পৰা অনুষ্ঠিত হয় সমলয় শীৰ্ষক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান ।মহাবিদ্যালয়খনৰ জ্যেষ্ঠ কাৰ্যালয় সহায়ক তথা জনপ্ৰিয় নাট্যশিল্পী অচ্যুত শৰ্মা আৰু অধ্যাপিকা ড০ জুলী বৈৰাগীয়ে আঁত ধৰা মনোৰম অনুষ্ঠানটি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়া ,উপাধ্যক্ষ ড০ লক্ষী ৰয় ,অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰণৱজ্যোতি দাস ,পূৰ্ণানন্দ পাৱেৰ জৰিয়তে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ খগেশ্বৰ বৰকাকতীয়ে ।

ইয়াৰ পিছতেই বন্তি প্ৰজ্বলক ড০ খগেশ্বৰ বৰকাকতী আৰু অধ্যক্ষ ড০ পলাশমণি শইকীয়াই ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ পৰিৱেশ্য কলা কেন্দ্ৰই সাংস্কৃতিক দিশত যথেষ্ট তৎপৰতা নেদেখুৱাই আহিছে বুলি মন্তব্য কৰি শিক্ষাৰ্থীৰ মাজত সুপ্ত হৈ থকা বিভিন্ন দিশৰ প্ৰতিভা সমূহ এই কেন্দ্ৰৰ জৰিয়তে পোহৰলৈ অহাই নহয় গীত , নৃত্য আৰু নাটকৰ লগতে সংগীতৰ দিশত পাৰদৰ্শিতা প্ৰতিপন্ন হৈছে বুলি মন্তব্য কৰে । আনহাতে পৰিবেশ্য কলা কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা ড০ অৰুন্ধতী ডেকা নাথে ২০২৩ চনৰ পৰা আত্মপ্ৰকাশ ঘটা পৰিবেশ্য কলা কেন্দ্ৰৰ বিগত সময়ৰ কামকাজ সদৰি কৰাৰ পিছত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত পৰিৱেশ্য কলা কেন্দ্ৰৰ প্ৰশিক্ষক শিল্পী ক্ৰমে সত্ৰীয়া নৃত্যৰ লগতে ভাৰত নাট্যম আৰু কথক নৃত্যৰ শিল্পী প্ৰেৰণা বৈশ্য ,অৰূপা পাটগিৰি , ড০ প্ৰতিভা শৰ্মা ,সংগীত শিল্পী মনোজ নাথ , বাঁহীৰ প্ৰশিক্ষণ প্ৰদান কৰা হিৰক জ্যোতি নাথ ,বিশিষ্ট ভায়লিন বাদক ড০ শোণিত মহন্ত ,নাট কৰ্মশালাৰ ডা০ জাহানাৰা বেগম ,ভূপেন শৰ্মা , জিতুমণি দেৱচৌধুৰী , গৌতম পাঠক ,দিগন্ত কুমাৰ ভূঞা,অচ্যুত শৰ্মা আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সংস্হাৰ প্ৰাক্তন যুটীয়া সম্পাদক পংকজ বৰুৱাক প্ৰশস্তি ,গামোচা আৰু স্মাৰকেৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ পিছতেই আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় শিক্ষাৰ্থী সকলৰ সমবেত দৃষ্টিনন্দন সত্ৰীয়া নৃত্যৰে। উল্লেখ্য যে পৰিবেশ্য কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ সমূহীয়া বাঁহী বাদন ,ভাৰত নাট্যম ,তবলাৰ সমবেত বাদন ,প্ৰশিক্ষক অৰূপা পাটগিৰিৰ দৃষ্টিনন্দন ভাৰত নাট্যম নৃত্য ,সংগীতশিল্পী মনোজ নাথৰ পৰিচালনাত গীতৰ অনুষ্ঠান ,কথক নৃত্য,প্ৰশিক্ষক কন্ঠশিল্পী মনোজ নাথৰ গীত আৰু শিক্ষাৰ্থী সকলৰ এখন চুটি নাটকেৰে মুখৰিত হোৱা সমগ্ৰ অনুষ্ঠান উপভোগ কৰি উপস্থিত শিক্ষক আৰু শিক্ষাৰ্থী সকল আপ্লুত হৈ পৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande