
তামুলপুৰ, ১২ মে (হি.স.)। তামুলপুৰৰ গেৰুৱাপাৰ গাঁৱত কালি পুৱতি নিশা সংঘটিত এক ৰহস্যজনক ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য অব্যাহত ৰাখিছে। গাঁৱ খনৰ কমল মাৰ্ডী নামৰ এজন ব্যক্তিৰ পত্নী মামু গগৈয়ে কালি পুৱতি নিশা দুই কণমানি কন্যাক নিঠৰুৱা কৰি ঘৰৰ পৰা নগদ ৬২ হাজাৰ টকা আৰু এটা মোবাইল ফোনসহ নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, কোনো অচিনাক্ত ব্যক্তিয়ে মহিলা গৰাকীক ফুচুলাই লৈ গৈছে আৰু নিৰুদ্দেশ হোৱাৰ কিছু সময়ৰ পিছতেই স্বামীৰ মোবাইললৈ পত্নীক লৈ যোৱাৰ এক ভইছ মেচেজো প্ৰেৰণ কৰে দুষ্কৃতিকাৰীয়ে।
ইয়াৰ পূৰ্বেও অচিনাক্ত যুৱকে মহিলা গৰাকীৰ ফটো-ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি অহা বুলি স্বামীয়ে উল্লেখ কৰিছে। অৱশেষত কোনো সন্ধান নোপোৱাত কালি বিয়লি তামুলপুৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰা হয়। বৰ্তমান মাতৃহাৰা দুই সন্তানৰ কান্দোনত পৰিৱেশ শোকাকুল হৈ পৰিছে আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কোনো সদাশয় লোকে মহিলা গৰাকীৰ সন্ধান পালে ৯৩৮৭০৪৯৪৭৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে কাতৰ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা