
জেনেভা, ১২ মে’ (হি.স.)। বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’)ই প্ৰকাশ কৰিছে যে ক্ৰুজ জাহাজত মাৰাত্মক হান্টাভাইৰাছত আক্ৰান্ত ৰোগীসকল প্ৰথমবাৰৰ বাবে লক্ষণ দেখা দিলেই প্ৰথমাৱস্থাত আটাইতকৈ বেছি সংক্ৰামক হয়। এই কাৰণতে বিশ্ব স্বাস্থ্য সংস্থাই আক্রান্তৰ সংস্পর্শলৈ অহাসকলক কোৱাৰেণ্টাইনত ৰখাৰ পৰামৰ্শ দিছে।
ডাচ পতাকা থকা ক্ৰুজ জাহাজ এম ভি হণ্ডিয়াছত বিয়পি পৰা এই বিৰল ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হৈছে। খালী কৰা যাত্ৰীসকল নিজৰ দেশলৈ ঘূৰি অহাৰ পিছত এই সংক্ৰমণৰ সম্ভাৱ্য বিস্তাৰক লৈ বিশ্বব্যাপী উদ্বেগ বাঢ়িছে।
ডব্লিউ এইচ অ’ৰ মহামাৰী বিজ্ঞান আৰু বিশ্লেষণ বিভাগৰ মুৰব্বী ডাঃ অলিভিয়াৰ লে পৌলেনে ব্যাখ্যা কৰে যে এই ৰোগৰ আৰম্ভণিতে সংক্ৰমণৰ আশংকা সৰ্বাধিক। তেওঁ কয় যে প্ৰাৰম্ভিক লক্ষণসমূহ মৃদু হ’ব পাৰে, যেনে ভাগৰ বা মৃদু জ্বৰ, কিন্তু পিছত এই অৱস্থা তীব্ৰ হ’ব পাৰে। লক্ষণ দেখা পোৱালৈ অপেক্ষা নকৰাকৈ সম্ভাৱ্য সংস্পৰ্শলৈ অহা লোকক পৃথক কৰি ৰখাটো প্ৰয়োজনীয়।
বিশ্ব স্বাস্থ্য সংস্থাই জাহাজত থকা প্ৰায় ১৫০ জন লোকক ছয় সপ্তাহৰ বাবে কোৱাৰেণ্টাইনত ৰখাৰ পৰামৰ্শ দিছে। এই সময়ছোৱা এণ্ডিজ ভাইৰাছৰ সৰ্বোচ্চ ইনকিউবেচন সময়ৰ সৈতে সামঞ্জস্যপূৰ্ণ, যিটো প্ৰায় ৪২ দিন বুলি ধাৰণা কৰা হৈছে। এণ্ডিজ ভাইৰাছ হৈছে মানুহৰ মাজত বিয়পিব পৰা এক প্ৰকাৰৰ হান্টাভাইৰাছ।
বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি বহু দেশে কঠোৰ কোৱাৰেণ্টাইন ব্যৱস্থা ৰূপায়ণ কৰিছে। জাৰ্মানী, ব্ৰিটেইন, ছুইজাৰলেণ্ড আৰু গ্ৰীচে ৪৫ দিনৰ বাবে নিৰীক্ষণ কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সে নূন্যতম নিৰীক্ষণৰ সময় ক্ৰমে তিনি আৰু দুসপ্তাহ নিৰ্ধাৰণ কৰিছে।
কিন্তু আমেৰিকাই উভতি অহা যাত্ৰীসকলক বাধ্যতামূলক কোৱাৰেণ্টাইন সন্দৰ্ভত স্পষ্ট সিদ্ধান্ত লোৱা নাই। ডব্লিউ এইচ অ’ৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছে ইয়াক বিপদজনক বুলি অভিহিত কৰিছে।
ডাঃ পোলানৰ মতে, ক্ৰুজ জাহাজখনৰ বন্ধ পৰিৱেশে সংক্ৰমণৰ বিস্তাৰৰ বাবে অনুকূল বুলি প্ৰমাণিত হ’ল, কিয়নো বৃহৎ সংখ্যক লোকে আৱদ্ধ ঠাইত একেলগে বাস কৰিছিল। ইয়াৰ ফলত স্বাভাৱিক পৰিস্থিতিতকৈ অধিক দ্ৰুতগতিত সংক্ৰমণ বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি পায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া