জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা
জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা।
জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা


শোণিতপুৰ, ১২ মে’ (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বিহু সন্মিলনত দেওবাৰে নিশা লীলা বৰুৱা নামৰ যুৱক জনক খুকুৰীৰে কাটি নৃশংসভাৱে হত্যা কৰা জয়কান্ত বৰ্মন নামৰ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল হৈ পৰে জামুগুৰি আৰক্ষী থানা। জামুগুৰি আৰক্ষী থানাৰ সন্মুখত শ শ লোক উপস্থিত হৈ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

উল্লেখ্য যে দেওবাৰে নিশা জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে যদিও আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে উপস্থিত ৰাইজে।

উল্লেখ্য যে, দেওবাৰে নিশা হাটিঙা ৰামপুৰত অনুষ্ঠিত এখন বিহুমেলাত বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰিত হোৱা লীলা বৰুৱাৰ সৈতে কিবা কথাত তৰ্ক-বিতৰ্ক কৰি এখন খুকুৰিৰে হানিখুচি নৃশংসভাৱে হত্যা কৰাৰ লগতে ৰাকেশ শৰ্মা নামৰ এজন যুৱকক গুৰুতৰ ভাৱে আহত কৰে ধৃত জয়কান্ত বৰ্মনে ৷ ইতিমধ্যে সংকতজনক অৱস্থাত ৰাকেশ শৰ্মাক গুৱাহাটীৰ জিএনআৰচিত ভৰ্তি কৰা হয়। সম্প্ৰতি যুৱক জন মৃত্যুৰে সৈতে যুঁজি থকা বিষয়ে জানিব পৰা গৈছে ৷ ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande