
–দুহেজাৰ লিটাৰ বিশুদ্ধ পানী যোগান আঁচনিৰ শুভাৰম্ভ
–পাঠ্যপুথিৰ শিক্ষাৰ লগতে সমাজৰ সুস্থ নাগৰিক হোৱাৰ গুণ আয়ত্ব কৰিবলৈ ছাত্ৰীলৈ আহ্বান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণা দেৱীৰ
–মূল্যবোধ সম্পন্ন নাগৰিকৰ দ্বাৰাহে নিৰ্মাণ হয় এখন সুস্থ সমাজ
শোণিতপুৰ, ১২ মে' (হি.স.)। শিক্ষাৰ্থী তথা ছাত্ৰী সকলৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ সমাধান কৰি আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ত দুহেজাৰ লিটাৰ বিশুদ্ধ পানীৰ এক পানী যোগান ব্যৱস্থা আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্ঘাটন কৰা হয় ।
উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী ,অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তথা তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ প্ৰাক্তন সভাপতি অৰুণা দেৱীৰ প্ৰায় ৮০ হাজাৰ টকাৰ অনুদানেৰে অসম চৰকাৰৰ বিদ্যাঞ্জলি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই পানী যোগান ব্যৱস্থা বিদ্যালয়খনৰ অধ্যক্ষ ৰূপম কুমাৰ বৰা, উপাধ্যক্ষ গোৱিন্দ গয়াৰী, দাতা প্ৰাক্তন ছাত্ৰী অৰুণা দেৱী, বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়ত্ৰী অনু দেৱী মহন্তৰ লগতে শিক্ষক -শিক্ষয়িত্ৰী আৰু ছাত্ৰী সকলৰ উপস্থিতিত ফিটা কাটি উদ্ঘাটন কৰে তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক তথা বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই ।
আনহাতে ইয়াৰ আগতেই বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বিষয় শিক্ষয়ত্ৰী বৰ্ণালী শইকীয়াই আঁত ধৰা এক বিশেষ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰতি বদান্যতা প্ৰকাশ কৰা অৰুণা দেৱীক বিশেষভাৱে সন্মান জনোৱাৰ পিছত আগবঢ়োৱা ভাষণত বিদ্যালয়খনৰ এসময়ৰ ছাত্ৰী হিচাপে স্মৃতি ৰোমন্থন কৰি প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে নিজৰ বিদ্যালয়খনক আপোন ঘৰ বুলি ভাৱিব লাগিব বুলি মন্তব্য কৰি শিক্ষা লাভৰ সমান্তৰালভাৱে সমাজৰ একোগৰকী সুস্থ নাগৰিক হ'ব পৰা গুণ সমূহো ছাত্ৰী সকলে আয়ত্ত কৰিবলৈ আহ্বান জনায় ।
আনহাতে অধ্যক্ষ ৰূপম কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত উদ্বোধক পংকজ বৰুৱাইও ভাষণ আগবঢ়াই শিক্ষাৰ্থী সকলে বিদ্যায়তনিক উৎকৰ্ষতাৰ সমান্তৰালভাৱে সমাজৰ একোগৰকী মূল্যবোধ সম্পন্ন নাগৰিক হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱীৰ বদান্যতাৰ শলাগ লয়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ