গোসাঁইগাঁৱত নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন দুজনী কিশোৰী
কোকৰাঝাৰ, ১২ মে (হি.স.)। গোসাঁইগাঁৱত নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন দুগৰাকী কিশোৰী । গোসাইগাঁওৰ বাংলাবাৰী মদাতি নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈছিল দুগৰাকী কিশোৰী । গাঁৱৰ লগৰীয়াৰ সৈতে মিলি গাঁৱৰ দাঁতিত থকা নদীত দুপৰীয়া সময়ত মাছ মাৰিবলৈ গৈছিল শিশু
গোসাঁইগাঁৱত নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন দুজনী কিশোৰী


কোকৰাঝাৰ, ১২ মে (হি.স.)। গোসাঁইগাঁৱত নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন দুগৰাকী কিশোৰী । গোসাইগাঁওৰ বাংলাবাৰী মদাতি নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈছিল দুগৰাকী কিশোৰী । গাঁৱৰ লগৰীয়াৰ সৈতে মিলি গাঁৱৰ দাঁতিত থকা নদীত দুপৰীয়া সময়ত মাছ মাৰিবলৈ গৈছিল শিশু সকল । গা ধুই থকা সময়তে দুজনেও নদীত ডুবি গৈছিল কিন্তু গাঁৱৰ ৰাইজে আৰু এছডিআৰএফ অভিযানৰ এজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৰতন মাৰ্ডীৰ কন্যা বিউটি মাৰ্ডী নামৰ (৬)বছৰীয়া কিশোৰী গৰাকী সন্ধানহীন হৈ আছে।

ইতিমধ্যে আন এগৰাকী চেমুৱেল মাৰ্ডীৰ কন্যা ঈশা মাৰ্ডী (০৯)ৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰন কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈ তুলসীবিল আৰক্ষী চকীৰ আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande