ডিমৰীয়াৰ দিকচাক পাহাৰত চোৰাং চিকাৰীৰ গুলীত মৃত্যু হোৱা বন্যহস্তী উদ্ধাৰ
গুৱাহাটী, ১২মে (হি.স.)। ডিমৰীয়াৰ টোপাতলী দিকচাক পাহাৰত শোকাৱহ ঘটনা। চোৰাং চিকাৰীৰ গুলীত প্ৰাণ গ''ল বন্যহস্তীৰ। টোপাতলী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দিকচাকৰ দুৰ্গম পাহাৰত সংঘটিত হয় উক্ত ঘটনা ।চোৰাং চিকাৰীয়ে নৃশংসভাৱে মূৰত গুলীয়াই মতা হাতীটোক
ডিমৰীয়াৰ টোপাতলী দিকচাক পাহাৰত শোকাৱহ ঘটনা,,


ডিমৰীয়াৰ টোপাতলী দিকচাক পাহাৰত শোকাৱহ ঘটনা,,


গুৱাহাটী, ১২মে (হি.স.)। ডিমৰীয়াৰ টোপাতলী দিকচাক পাহাৰত শোকাৱহ ঘটনা। চোৰাং চিকাৰীৰ গুলীত প্ৰাণ গ'ল বন্যহস্তীৰ। টোপাতলী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ দিকচাকৰ দুৰ্গম পাহাৰত সংঘটিত হয় উক্ত ঘটনা ।চোৰাং চিকাৰীয়ে নৃশংসভাৱে মূৰত গুলীয়াই মতা হাতীটোক হত্যা কৰি কাটি লৈ যায় শুঁৰ।

মেঘালয়ৰ দিশৰ পৰা অহা চোৰাং চিকাৰীয়ে এই নৃশংস কাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। পাহাৰৰ নামনিত পুৱাৰ ভাগত গুলীৰ শব্দ শুনি এজাক হাতী দৌৰা দৌৰি কৰা দেখি সন্দেহ ঘনীভূত হয় স্থানীয় ৰাইজৰ আৰু খবৰ দিয়ে বন বিভাগক। পৰৱৰ্তী পৰ্যায়ত বহু বিচাৰ খোচাৰ কৰি আবেলিৰ ভাগত বন্যহস্তীৰ মৃতদেহটো উদ্ধাৰ কৰে।

সমগ্ৰ বিষয় সন্দৰ্ভত বন বিভাগে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande