ৰৌতাৰ প্রায় ৩৫ বছৰ ৪ মাহ বিনা বেতনে চাকৰি কৰি অৱশেষত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ এগৰাকী শিক্ষাগুৰুৰ
ওডালগুৰি, ১২ মে (হি.স.)। প্রায় ৩৫ বছৰ ৪ মাহ বিনা বেতনে চাকৰি কৰি অৱশেষত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ এগৰাকী শিক্ষাগুৰুৰ। ১৯৯১ চনতেই শিক্ষক জীৱনৰ পাতনি মেলি অৱশেষত বিনা বেতনে চাকৰি জীৱনৰ পৰা অৱসৰ ললে ৰৌতাৰ ভালুকমাৰী বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ
ৰৌতাৰ প্রায় ৩৫ বছৰ ৪ মাহ বিনা বেতনে চাকৰি কৰি অৱশেষত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ এগৰাকী শিক্ষাগুৰুৰ


ওডালগুৰি, ১২ মে (হি.স.)। প্রায় ৩৫ বছৰ ৪ মাহ বিনা বেতনে চাকৰি কৰি অৱশেষত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ এগৰাকী শিক্ষাগুৰুৰ। ১৯৯১ চনতেই শিক্ষক জীৱনৰ পাতনি মেলি অৱশেষত বিনা বেতনে চাকৰি জীৱনৰ পৰা অৱসৰ ললে ৰৌতাৰ ভালুকমাৰী বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক নোৱাৰাম কোচে। চাকৰি জীৱনত ৰজাঘৰীয়াৰ পৰা এটকাও বেতন লাভ নকৰা স্বত্বেও নিজৰ শিক্ষকতাৰ ধর্ম নিয়াৰিকৈ পালন কৰি আহিছিল শিক্ষক নোৱাৰাম কোচে।

শিক্ষক গৰাকীৰ অৱসৰ গ্ৰহণৰ এই সময়ছোৱাত ৰৌতাৰ ভালুকমাৰী বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় বিদায়ী সম্বর্ধনা অনুষ্ঠান। বিদ্যালয় খনৰ সকলো ছাত্র ছাত্রী, শিক্ষক, অভিভাৱকে চিৰ কৃতজ্ঞতা প্রকাশ কৰে বিদায়ী শিক্ষক নোৱাৰাম কোচক। লগতে বিনাবেতনে প্রায় ৩৫ বছৰ ৪ মাহ শিক্ষাদান কৰা জ্যেষ্ঠ শিক্ষক গৰাকীক ৰজাঘৰীয়াৰ কিছু সহায়ৰ প্ৰয়োজন বুলি প্রকাশ কৰে সতীর্থ শিক্ষাগুৰু সকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande