
নতুন দিল্লী, ১২ মে’ (হি.স.)। ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে ৫৫ জনীয়া প্ৰাৰম্ভিক দল ঘোষণা কৰিছে। অহা মাহত আমেৰিকা, কানাডা আৰু মেক্সিকোত আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনত আৰ্জেণ্টিনাই নিজৰ খিতাপ ৰক্ষা কৰাৰ লক্ষ্য ৰাখিব। তাৰকা খেলুৱৈ তথা অধিনায়ক লিয়নেল মেছিকো দলত অন্তৰ্ভুক্ত কৰা হৈছে।
অৱশ্যে মুখ্য প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে স্পষ্ট কৰি দিছে যে মেছিয়ে বিশ্বকাপত খেলিব নে নাই সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব ইণ্টাৰ মিয়ামিৰ তাৰকা ফৰৱাৰ্ডগৰাকীৰ ওপৰত।
ইফালে তাৰকা খেলুৱৈ পাউলো ডাইবালাক এই প্ৰাৰম্ভিক দলত অন্তৰ্ভুক্ত নহ’ল, যিয়ে ফুটবল অনুৰাগীসকলক আচৰিত কৰি তুলিলে।
২০২৬ চনৰ বিশ্বকাপৰ বাবে আৰ্জেণ্টিনাক গ্ৰুপ জেত স্থান দিয়া হৈছে, য’ত আলজেৰিয়া, অষ্ট্ৰিয়া আৰু জৰ্ডানৰ বিৰুদ্ধে খেলিব। ১৬ জুনত আলজেৰিয়াৰ বিৰুদ্ধে দলটোৱে অভিযান আৰম্ভ কৰিব।
আৰ্জেণ্টিনাৰ প্ৰাৰম্ভিক দল
গ'লৰক্ষক:
এমিলিয়ানো মাৰ্টিনেজ, জেৰ’নিমো ৰুলি, জুয়ান মুছ’, ৱালটাৰ বেনিটেজ, ফাকুণ্ডো কেম্বাছেছ, চেণ্টিয়াগো বেল্ট্ৰান
ডিফেণ্ডাৰ:
অগাষ্টিন গুয়ে, গনজালো মণ্টিয়েল, নাহুৱেল মলিনা, নিকোলাছ কেপাল্ডো, কেভিন মেক এলিষ্টাৰ, লুকাছ মাৰ্টিনেজ কোৱাৰ্টা, মাৰ্কছ চেনেচি, লিছাণ্ড্ৰ' মাৰ্টিনেজ, নিকোলাছ অটামেণ্ডি, জাৰ্মান পেজেলা, লিওনাৰ্ডো বালেৰ্ডি, ক্রিষ্টিয়ান ৰোমেৰো, লাউটাৰো ডি লো লো, জায়েদ ৰোমেৰো, ফাকুণ্ডো মেডিনা, মাৰ্কছ আকুনা, নিকোলাছ টাগ্লিফিকো, গেব্ৰিয়েল ৰ'জাছ
মিডফিল্ডাৰ:
মেক্সিমো পেৰ'নি, লিয়াণ্ড্ৰ' পেৰেডেছ, গুইডো ৰড্ৰিগেজ, এনিবাল মৰেনো, মিল্টন ডেলগাডো, এলান ভাৰেলা, ইজেকুৱেল ফাৰ্নাণ্ডেজ, ৰড্ৰিগো ডি পল, এক্সেকুৱেল পালাচিঅ'ছ, এনজো ফাৰ্নাণ্ডেজ, এলেক্সিছ মেক এলিষ্টাৰ, জিওভানি লো চেলছ', নিকোলাছ ডমিংগেজ, এমিলিয়ানো বুয়েণ্ডিয়া, ভেলেণ্টিন বাৰ্কো
ফৰৱাৰ্ডছ:
লিয়নেল মেছি, নিকোলাছ পাজ, ফ্ৰাংকো মাষ্ট্ৰাণ্টো, থিয়াগো আলমাডা, টমাছ আৰাণ্ডা, নিকোলাছ গনজালেজ, আলেজান্দ্ৰ' গাৰ্নাচো, জুলিয়ানো চিমিওনে, মাটিয়াছ ছলি, ক্লাউডিঅ' এটচেফেৰী, জিয়ানলুকা প্ৰেষ্টিনি, চেণ্টিয়াগো কাষ্ট্ৰো, লাউটাৰো মাৰ্টিনেজ, জোচে মেনুৱেল লোপেজ, জুলিয়ান আলভাৰেজ, আৰু মেটিও পেলেগ্ৰিনো।
हिन्दुस्थान समाचार / অৰৱিন্দ