
ধৰ্মশালা, ১২ মে’ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ সোমবাৰে ধৰ্মশালাত অনুষ্ঠিত উচ্চ স্ক’ৰিং মেচত অল ৰাউণ্ড প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে যুৱ অলৰাউণ্ডাৰ মাধৱ তিৱাৰীয়ে। ২০২৬ চনৰ আই পি এলত প্ৰথমখন সম্পূৰ্ণ মেচ খেলি ২২ বছৰীয়া খেলুৱৈগৰাকীয়ে বেট আৰু বল দুয়োটা দিশতে সুন্দৰ অৰিহণা যোগাই দিল্লী কেপিটেলছ (ডি চি)ক পঞ্জাব কিংছ (পি বি কে এছ)ৰ বিৰুদ্ধে ৩ উইকেটত ৰোমাঞ্চকৰ জয়ৰ সূচনা কৰে। তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।
প্ৰথম বেটিং কৰা পঞ্জাব কিংছে ২০ অভাৰত ৫ উইকেটত ২১০ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৩৩টা বলত ৫৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল প্ৰিয়ংশ আৰ্য্যই। অৱশ্যে দিল্লীৰ যুৱ বলাৰ মাধৱ তিৱাৰীয়ে তেওঁক আউট কৰি পঞ্জাৱক ডাঙৰ আঘাত কৰে। ৪ অভাৰত মাধৱে ৪০ ৰানত ২ উইকেট দখল কৰে। ইয়াৰ উপৰিও তেওঁ কুপাৰ কনলিক লেহেমীয়া বাউন্সাৰৰ সহায়ত আউট কৰে।
খেলৰ অন্তত মাধৱ তিৱাৰীয়ে কয়, প্ৰথমে মই এই সুযোগ দিয়াৰ বাবে দল পৰিচালনাক ধন্যবাদ জনাইছো। যদি কামবোৰ আপোনাৰ মতে নহয় তেন্তে প্ৰতিটো অনুশীলনত নিজকে উন্নত কৰিব লাগিব। মই বলিং প্ৰশিক্ষক মুনাফ পেটেল ছাৰৰ সৈতে মোৰ বলিঙৰ ওপৰত আৰু বেটিং প্ৰশিক্ষক ইয়ান বেলৰ সৈতে মোৰ ৰেঞ্জ-হিটিঙৰ ওপৰত বহু কাম কৰিলোঁ।
তেওঁ আৰু কয় যে মই নিজকে ১০০ শতাংশ বলাৰ আৰু ১০০ শতাংশ বেটছমেন বুলি গণ্য কৰোঁ।
ইফালে ২১১ ৰানৰ লক্ষ্যৰ খেদি খেদি দিল্লী কেপিটেলছে ১৯ অভাৰত ৭টা উইকেট হেৰুৱাই ২১৬ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। অধিনায়ক আক্সাৰ পেটেল আৰু ডেভিদ মিলাৰে অৰ্ধশতক অৰ্জন কৰি দলটোক জয়ৰ মুখলৈ লৈ যায়। অক্ষৰ পেটেলে চাৰিটাকৈ অৰ্ধশতক সম্পূৰ্ণ কৰে।
মাধৱ তিৱাৰীয়েও বেটৰ সৈতে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়, মাত্ৰ ৮টা বলত অপৰাজিত ১৮ ৰান সংগ্ৰহ কৰে, য’ত দুটা চাৰি আৰু এটা ছয়। তেওঁৰ চুটি কিন্তু দ্ৰুত ইনিংছ দিল্লীৰ জয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয়।
এয়া ধৰ্মশালাত যিকোনো দলৰ সৰ্ববৃহৎ সফল ৰান অনুসৰণ হৈ পৰিল। এই জয়েৰে দিল্লী কেপিটেলে প্লে অফৰ আশা জীয়াই ৰাখিলে।
हिन्दुस्थान समाचार / অৰৱিন্দ