
নতুন দিল্লী, ১২ মে’ (হি.স.)। পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনত লেহেমীয়াকৈ অভাৰ ৰেট বজাই ৰখাৰ বাবে দিল্লী কেপিটেলছৰ অধিনায়ক অক্ষৰ পেটেলক ১২ লাখ ₹ জৰিমনা বিহা হৈছে ৷ এই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) খেলখন ২০২৬ চনৰ ১১ মে’ত, ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল, য’ত দিল্লীয়ে ৩ উইকেটত ৰোমাঞ্চকৰ ৰূপত জয়লাভ কৰিছিল ।
আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত নূন্যতম অভাৰ ৰেট নিয়ম উলংঘা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিহেতু এই ছিজনত এইটোৱেই আছিল দিল্লী কেপিটেলছৰ প্ৰথমটো অভাৰ ৰেট অপৰাধ, গতিকে অধিনায়ক অক্ষৰ পেটেলক ১২ লাখ ₹ জৰিমনা বিহা হয়।
খেলখনৰ সন্দৰ্ভত প্ৰথমে বেটিং কৰা পঞ্জাব কিংছে ২০ অভাৰত ৫ উইকেটত ২১০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে ১৯ অভাৰত ৭টা উইকেট হেৰুৱাই ২১৬ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে।
দিল্লীৰ জয়ত অধিনায়ক অক্ষৰ পেটেল আৰু ডেভিদ মিলাৰৰ পঞ্চাশৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। অক্ষৰ পেটেলে চাৰিটাকৈ অৰ্ধশতক সম্পূৰ্ণ কৰে। যুৱ অলৰাউণ্ডাৰ মাধৱ তিৱাৰীয়েও বেট আৰু বল দুয়োটাৰে উজ্জ্বল প্ৰদৰ্শনেৰে দলৰ জয়ত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
এই জয়েৰে দিল্লী কেপিটেলছে ধৰ্মশালা খেলপথাৰত ২১১ ৰানৰ লক্ষ্যত উপনীত হৈ ইতিহাস ৰচনা কৰে। এই খেলপথাৰত যিকোনো দলৰ এইটোৱেই আটাইতকৈ ডাঙৰ সফল ৰান অনুসৰণ বুলি প্ৰমাণিত হ’ল।
हिन्दुस्थान समाचार / অৰৱিন্দ