থাইলেণ্ড অ’পেনৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সাতৱিক-চিৰাগৰ যুটি
নতুন দিল্লী, ১২ মে’ (হি.স.)। থাইলেণ্ড অ’পেন ২০২৬ৰ পুৰুষৰ ডাবলছ শাখাত ভাৰতীয় বেডমিণ্টনৰ তাৰকা সাতৱিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি শক্তিশালী আৰম্ভণি কৰিছে। মঙলবাৰে ভাৰতীয় যুটিয়ে ইণ্ডোনেছিয়াৰ মুহ পুত্ৰা
भारतीय बैडमिंटन स्टार सात्विकसाईराज रंकीरेड्डी और चिराग शेट्टी


নতুন দিল্লী, ১২ মে’ (হি.স.)। থাইলেণ্ড অ’পেন ২০২৬ৰ পুৰুষৰ ডাবলছ শাখাত ভাৰতীয় বেডমিণ্টনৰ তাৰকা সাতৱিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি শক্তিশালী আৰম্ভণি কৰিছে।

মঙলবাৰে ভাৰতীয় যুটিয়ে ইণ্ডোনেছিয়াৰ মুহ পুত্ৰা এৰৱিয়ানছিয়া আৰু বাগুছ মৌলানাক ২১-১৯, ২১-২৩, ২১-১০ ব্যৱধানত পৰাস্ত কৰে। এঘণ্টা চাৰি মিনিট ধৰি খেলখন চলিছিল।

প্ৰথমখন খেল আছিল ৰোমাঞ্চকৰ, সাতৱিক আৰু চিৰাগে ২১-১৯ ব্যৱধানত জয়লাভ কৰে। দ্বিতীয়খন খেলত ইণ্ডোনেছিয়াৰ যুটিটোৱে ২৩-২১ ব্যৱধানত জয়লাভ কৰি পুনৰ উভতি আহে। অৱশ্যে নিৰ্ণায়ক খেলখনত ভাৰতীয় খেলুৱৈসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ২১-১০ ব্যৱধানত একপক্ষীয় জয় নিশ্চিত কৰি মেচখন জয়ী কৰে।

এতিয়া প্ৰি-কোৱাৰ্টাৰ ফাইনেলত সাতৱিক আৰু চিৰাগে মালয়েছিয়াৰ যুটি ব্রায়ান জেৰেমি গানটিং আৰু মহম্মদ হাইকালৰ সৈতে মুখামুখি হ’ব ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande