সোনাক্ষী সিনহা আৰু জ্যোতিকাৰ ‘চিষ্টেম’ত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ; ট্ৰেইলাৰ মুকলি
মুক্তি পালে ‘চিষ্টেম’ৰ ট্ৰেইলাৰ। সোণাক্ষী সিনহা আৰু জ্যোতিকাই মুখ্য চৰিত্ৰত অভিনয় কৰা এখন আদালতৰ থ্ৰিলাৰ। ‘পাংগা’ আৰু ‘বেৰেইলী কি বৰফী’ৰ দৰে ছবিৰ বাবে পৰিচিত অশ্বিনী আয়েৰ তিৱাৰীয়ে পৰিচালনা কৰিছে এই ছবিখনৰ। ইয়াৰ সহযোগী প্ৰযোজক পম্মি বাৱেজা, হৰমন
सोनाक्षी, ज्योतिका  - फोटो सोर्स एक्स


মুক্তি পালে ‘চিষ্টেম’ৰ ট্ৰেইলাৰ। সোণাক্ষী সিনহা আৰু জ্যোতিকাই মুখ্য চৰিত্ৰত অভিনয় কৰা এখন আদালতৰ থ্ৰিলাৰ। ‘পাংগা’ আৰু ‘বেৰেইলী কি বৰফী’ৰ দৰে ছবিৰ বাবে পৰিচিত অশ্বিনী আয়েৰ তিৱাৰীয়ে পৰিচালনা কৰিছে এই ছবিখনৰ। ইয়াৰ সহযোগী প্ৰযোজক পম্মি বাৱেজা, হৰমন বাৱেজা, আৰু স্মিতা বালিগাই।

ট্ৰেইলাৰত সোণাক্ষী সিনহাই ‘নেহা ৰাজবংশ’ নামৰ এগৰাকী হাই-প্ৰফাইল আৰু আত্মবিশ্বাসী অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে। আশুতোষ গোৱাৰিকাৰে পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে। জ্যোতিকাক ‘ছাৰিকা ৰাৱট’ নামৰ ক’ৰ্ট ষ্টেনোগ্ৰাফাৰ হিচাপে দেখা যাব। ট্ৰেইলাৰত ন্যায় ব্যৱস্থাৰ ভিতৰত গভীৰ অন্যায় আৰু ক্ষমতাৰ অপব্যৱহাৰ উদঙাই দিয়াৰ প্ৰয়াস চিত্ৰিত কৰা হৈছে।

ব্যৱস্থাটোক অৱজ্ঞা কৰি সত্যক উদঙাই দিয়াৰ সিদ্ধান্ত লোৱা দুগৰাকী মহিলাৰ সংগ্ৰামক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনী। ট্ৰেইলাৰটোত শক্তিশালী সংলাপ, আদালতৰ কক্ষৰ নাটক আৰু ছাচপেন্সেৰে ভৰা এটা কাহিনীৰ আভাস পোৱা গৈছে। অহা ২২ মে’ত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাব ছবিখন।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande