ঐতিহ্যমণ্ডিত সৰা ৰাজ্যৰ খাইগড় ৰজাৰ শেষ মেলা অনুষ্ঠিত
নগাঁও, ১২ মে (হি.স.)। ইতিহাস প্ৰসিদ্ধ মধ্য অসমৰ সাতো ৰজা আৰু সৰা ৰাজ্যৰ খাইগড় ৰজাৰ ব''হাগ মাহৰ শেষৰ মংগলবাৰে গোঁসাই উলিওৱা মেলা অৰ্থাৎ খাইগড় মেলা আজি পৰম্পৰা ৰীতি-নীতিৰে খাইগড় ৰজা কুমুদ ৰাজকুমাৰ বাসগৃহলৈ বামুণ গোঁসাই থানৰ পৰা বায়ন গায়ন খোল তাল
ঐতিহ্যমণ্ডিত সৰা ৰাজ্যৰ খাইগড় ৰজাৰ শেষ মেলা অনুষ্ঠিত


নগাঁও, ১২ মে (হি.স.)। ইতিহাস প্ৰসিদ্ধ মধ্য অসমৰ সাতো ৰজা আৰু সৰা ৰাজ্যৰ খাইগড় ৰজাৰ ব'হাগ মাহৰ শেষৰ মংগলবাৰে গোঁসাই উলিওৱা মেলা অৰ্থাৎ খাইগড় মেলা আজি পৰম্পৰা ৰীতি-নীতিৰে খাইগড় ৰজা কুমুদ ৰাজকুমাৰ বাসগৃহলৈ বামুণ গোঁসাই থানৰ পৰা বায়ন গায়ন খোল তাল আৰু হৰি নাম- কীৰ্তনেৰে গোঁসাই ভাগ উলিয়াই অনা হয় ।

খাইগড় ৰজাৰ পুত্ৰ কুমুদ ৰাজকুমাৰে পৰম্পৰাগত ৰীতি-নীতিৰে যাৱতীয় কাম সম্পন্ন কৰা পাছত গোঁসাই ভাগক খাইগড় খেল পথাৰ অৰ্থাৎ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ নি তাত হৰি নাম-কীৰ্তন কৰি পুনৰ গোঁসাই ভাগক বামুণ গোঁসাই থানলৈ লৈ যায় । প্ৰবাদ আছে পাঁচো ৰাজ্যত এই গোঁসাই উলিওৱা মেলা ভাগ অনুষ্ঠিত নকৰে তেনেহলে অঞ্চলৰ অপায় অমংগল তথা নানা বিপদে দেখা দিয়ে বুলি কয় । ব'হাগৰ প্ৰথম দেওবাৰৰ পৰা গোঁসাই উলিওৱা মেলা ভাগ গোটেই ব'হাগ মাহত সৰা ৰাজ্যত অনুষ্ঠিত কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande