অসমৰ বাবে প্ৰায় ২ লাখ কোটি টকাৰ প্ৰকল্পঃ নীতিন গাডকাৰী
গুৱাহাটী, ১২ মে’, (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি ইয়াত কয় যে অসমত প্ৰায় ২ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ কাম চলি আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে ৰাজ্যবাসীৰ আস্থা সম্পূৰ্ণৰূপে খাপ খুৱাই উন্
Union Minister Nitin Gadkari  talking to me join Guwahati on Tuesday.


গুৱাহাটী, ১২ মে’, (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি ইয়াত কয় যে অসমত প্ৰায় ২ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ কাম চলি আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে ৰাজ্যবাসীৰ আস্থা সম্পূৰ্ণৰূপে খাপ খুৱাই উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীত উপস্থিত হোৱা গাডকাৰীয়ে সাংবাদিকৰ আগত কয় যে অসমৰ ৰাইজে একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত বিশ্বাস স্থিৰ কৰিছে। ৰাজ্যৰ উন্নয়নৰ কাম-কাজ নিৰৱচ্ছিন্নভাৱে চলি থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমক আৰ্থিকভাৱে সবল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ। গাডকাৰীয়ে কয় যে তেওঁৰ মন্ত্ৰালয়ে প্ৰায় ₹২ লাখ কোটি টকাৰ প্ৰকল্পৰ পৰিকল্পনা কৰিছে। এই প্ৰকল্পসমূহে ৰাজ্যখনৰ পথ সংযোগ, পৰিবহণ, আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে এক নতুন গতি প্ৰদান কৰিব।

উল্লেখযোগ্য যে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰে একেৰাহে তৃতীয়বাৰৰ বাবে অসমত ক্ষমতা দখল কৰিবলৈ সাজু হৈছে। দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে বিজেপি আৰু এন ডি এৰ বিধায়িনী দলৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতিক্ৰমে নেতা নিৰ্বাচিত হৈছিল। আসোম গণ পৰিষদ আৰু বডোলেণ্ড পিপলছ ফ্ৰণ্টকে ধৰি মিত্ৰ দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে। শপত গ্ৰহণৰ পূৰ্বে শৰ্মাই ঘোষণা কৰিছিল যে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো, আৰু অজন্তা নেওগে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰঞ্জিত দাসক অসম বিধানসভাৰ অধ্যক্ষ পদৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপেও ঘোষণা কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande