ৰূপহীহাটৰ লাওখোৱাত একেলগে জ্বলিল দুই বন্ধুৰ চিতা
নগাঁও, ১২ মে (হি.স.)। আমবাগানৰ পৰা লাওখোৱা অভিমুখে আহি থকা অৱস্থাত অচিনাক্ত বাহনে দুই বন্ধুক খুন্দিয়াই পলায়ণ কৰে ঘটনাস্থলীৰ পৰা। দুৰ্ঘটনাত মৃত্যু হয় ৰূপজ্যোতি দাস আৰু দেৱজিৎ ব্যানাৰ্জী ওৰফে বিত্তো মণ্ডলৰ। দুই ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি শোকৰ ছাঁ প
ৰূপহীহাটৰ লাওখোৱাত একেলগে জ্বলিল দুই বন্ধুৰ চিতা


নগাঁও, ১২ মে (হি.স.)। আমবাগানৰ পৰা লাওখোৱা অভিমুখে আহি থকা অৱস্থাত অচিনাক্ত বাহনে দুই বন্ধুক খুন্দিয়াই পলায়ণ কৰে ঘটনাস্থলীৰ পৰা। দুৰ্ঘটনাত মৃত্যু হয় ৰূপজ্যোতি দাস আৰু দেৱজিৎ ব্যানাৰ্জী ওৰফে বিত্তো মণ্ডলৰ। দুই ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ লাওখোৱা অঞ্চলত।

দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই নিশাই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ আনিছিল যদিও দিনৰ ভাগত পুনৰ ৰাইজে গতিৰোধকৰ দাবীত পথ অৱৰোধ কৰে। লাওখোৱাত গতিৰোধক বিচাৰি নগাঁও নলতলী ৰাজ্যিক ঘাইপথ অৱৰোধ কৰাত ঘটনাস্থলীত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু চামগুৰি ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। দুৰ্ঘটনাত মৃত্যু হোৱা দ্বয়ক মৰণোত্বৰ পৰীক্ষা কৰি ঘৰলৈ অনাত কান্দোনত ভাগি পৰে সমগ্ৰ অঞ্চল। ইয়াৰে দেৱজিৎ বেনাৰ্জী ওৰফে বিত্তো মণ্ডল পিতৃহাৰা পৰিয়ালটিৰ একমাত্ৰ পুত্ৰ সন্তান আছিল। অশ্ৰুসিক্ত নয়নেৰে লাওখোৱাবাসী লাওখোৱাৰ ৰাজহুৱা শ্মশানত অন্ত্ৰিম সংস্কাৰ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande