
নগাঁও, ১২ মে’ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ লাওখোৱাত যোৱা কালি সোমবাৰে সন্ধিয়া হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত হয় । অচিনাকী বাহনৰ খুন্দাত মৃত্যু হয় দুই যুৱকৰ । ইফালে এই ঘটনাৰ পিছতে উত্তেজিত জনতাই পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । তীব্ৰবেগী অচিনাকী বাহনে খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ণ কৰে । তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় ৰূপজ্যোতি দাস আৰু বিট্টো মণ্ডল নামৰ দুই বাইক আৰোহী ।
দুৰ্ঘটনাত নিহত দ্বয়ৰ ঘৰ লাওখোৱাত বুলি জানিব পৰা গৈছে । আমবাগানৰ পৰা লাওখোৱা অভিমুখে আহি থকা মটৰ চাইকেল খনক খুন্দিওৱাৰ ফলত দুই যুৱকৰ মৃত্যু হয় । উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি দুৰ্ঘটনা সংঘটিত হোৱা এলেকাত গতি ৰোধক দিয়াৰ দাবী জনায় । ৰূপহীহাট আৰক্ষী আৰু আমবাগান আৰক্ষীয়ে সোনকালেই গতিৰোধক দিয়াৰ আশ্বাস দিয়ে । আৰক্ষীৰ আশ্বাসত অৱৰোধ কৰা পথ ৰাইজে মুকলি কৰি দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ