বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পথত দুৰ্ঘটনা
বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পথত দুৰ্ঘটনা।
বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পথত দুৰ্ঘটনা


বিশ্বনাথ, ১২ মে’ (হি.স.): বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পথত যোৱা কালি সোমবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় । কেঁচা চাহপাত কঢ়িয়াই নিয়া বলেৰ বাহন এখন দুৰ্ঘটনা গ্ৰস্ত হয় । এই ঘটনাত এজন লোক আহত হয়।

জানিব পৰামতে, বিশ্বনাথ চাৰিআলি দিশে গৈ থকা অৱস্থাতে বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে । ইফালে সেই সময়ত বলে'ৰ বাহন খনৰ ওপৰত থকা এজন যুৱক গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয় । দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ এএছ ১২ বিচি ৪২৩৪ বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande