
মৰিগাঁও, ১২ মে (হি.স.)। মৰিগাঁও জিলাৰ ভুৰাগাঁওস্থিত নতুন বজাৰত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, এখন এল্টো গাড়ীয়ে হঠাত্ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাল এটাত পৰি যায়। গাড়ীখন পানীত ডুব যোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ অভিযান চলায়।
ৰাইজে এডাল ডাঙৰ জৰী ব্যৱহাৰ কৰি বহু সময়ৰ প্ৰচেষ্টাৰ অন্তত গাড়ীখন খালটোৰ পৰা টানি তুলিবলৈ সক্ষম হয়।সৌভাগ্যক্ৰমে এই ঘটনাত গাড়ীখনৰ চালকজনৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। যদিও চালকজন কথমপি ৰক্ষা পৰে, এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত পৰিস্থিতি স্বাভাৱিক হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ