কাৰ্বি আংলঙৰ পাৰখোৱাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৮তম ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহুৰ সফল সামৰণি
কাৰ্বি সাজত মঞ্চ কঁপালে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ।
কাৰ্বি আংলঙৰ পাৰখোৱাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৮তম ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহুৰ সফল সামৰণি


কাৰ্বি আংলং, ১২ মে’ (হি.স.): পৰম্পৰা, সংস্কৃতি আৰু সমন্বয়ৰ এক অপূৰ্ব মিলনভূমি হৈ পৰিল কাৰ্বি আংলং জিলাৰ পাৰখোৱা । পাৰখোৱাবাসীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৫৮তম ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কালি নিশা সফল সামৰণি পৰে ।

বিহু সন্মিলনৰ দ্বিতীয় তথা অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াটো আছিল সমগ্ৰ উৎসৱটোৰ আটাইতকৈ আকৰ্ষণীয় কেন্দ্ৰবিন্দু । এই বিশেষ নিশাৰ মঞ্চত মুখ্য আকৰ্ষণ হিচাপে আমন্ত্ৰিত হৈ আহিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী । প্ৰিয়ংকাক মঞ্চত দেখাৰ লগে লগে হাজাৰ হাজাৰ দৰ্শকৰ মাজত এক অভূতপূৰ্ব উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । বিশেষকৈ, স্থানীয় জনজাতীয় সংস্কৃতিৰ প্ৰতি সন্মান জনাই শিল্পীগৰাকীয়ে পিন্ধি অহা পাৰম্পৰিক কাৰ্বি সাজ-পাৰে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয় । কাৰ্বি সাজত প্ৰিয়ংকাৰ এই নতুন ৰূপ আছিল সেইদিনাৰ অনুষ্ঠানৰ বিশেষ চমক । প্ৰিয়ংকাই মঞ্চত নিজৰ সুললিত কণ্ঠেৰে এটাৰ পিছত এটাকৈ জনপ্ৰিয় গীত পৰিৱেশন কৰি সমগ্ৰ পাৰখোৱাৰ আকাশ-বতাহ কঁপাই তোলে । তেওঁৰ বিহু নাম আৰু আধুনিক গীতৰ তালে তালে নিশা দেৰিলৈকে দৰ্শকসকলে নাচি-বাগি আনন্দত আত্মহাৰা হৈ পৰে ।

উল্লেখ্য় যে ৫৮ বছৰীয়া ঐতিহ্যমণ্ডিত এই ন-মাটি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি এইবাৰো একতা আৰু সম্প্ৰীতিৰ বাৰ্তাৰে সফলভাৱে সম্পন্ন হয় ।আয়োজক সমিতিৰ সু-ব্যৱস্থাপনা আৰু ৰাইজৰ সহায়-সহযোগিতাই অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰিলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande