
নগাঁও, ১২ মে (হি.স.)। ৰূপহীহাটৰ লাওখোৱাত নগাওঁ– নলতলী ৰাজ্যিক ঘাইপথ আজি অৱৰোধ কৰে স্থানীয় ৰাইজে। যোৱা নিশা দুৰ্ঘটনাত মৃত্যু হৈছিল দুজনকৈ যুৱকৰ। অচিনাকি বাহনৰ খুন্দাত থিতাতে মৃত্যুক আঁকোৱালি লয় ৰূপজ্যোতি দাস আৰু দেৱজিৎ বেনাৰ্জী ওৰফে বিট্টো মণ্ডলৰ। অঞ্চলটোত এটা পথ গতিৰোধক নিৰ্মাণৰ দাবীত আজি স্থানীয় ৰাইজে লাওখোৱাত বাঁহ বান্ধি পথ অৱৰোধ কৰে।
পথ অৱৰোধ কৰাৰ ফলত যাতায়ত ব্যাহত হৈ পৰে নগাঁও নলতলী ৰাজ্যিক ঘাইপথত। ঘটনা স্থলীত উপস্থিত হয় নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক। ইফালে দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি লোৱা দুই যুৱকৰ নশ্বৰ দেহ বাসগৃহত অনাৰ লগে লগে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ