বৰপেটাৰোডত আৰক্ষীৰ আইপিএল জুৱাৰীৰ বিৰুদ্ধে অভিযান, এজনক গ্ৰেপ্তাৰ
বৰপেটা, ১২ মে (হি.স.)। বৰপেটাৰোডত আৰক্ষীৰ আইপিএল জুৱাৰীৰ বিৰুদ্ধে অভিযান এজনক গ্ৰেপ্তাৰ। সমগ্ৰ দেশৰ লগতে বৰপেটাৰোডতো বৰ্তমান আইপিএলক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এক ভয়ংকৰ জুৱাৰ নেটৱৰ্ক। এই নেটৱৰ্কৰ বিৰুদ্ধে তৎপৰ হৈ উঠিছে স্থানীয় প্ৰশাসন। আজি বৰপেটাৰো
বৰপেটাৰোডত আৰক্ষীৰ আইপিএল জুৱাৰীৰ বিৰুদ্ধে অভিযান, এজনক গ্ৰেপ্তাৰ


বৰপেটা, ১২ মে (হি.স.)। বৰপেটাৰোডত আৰক্ষীৰ আইপিএল জুৱাৰীৰ বিৰুদ্ধে অভিযান এজনক গ্ৰেপ্তাৰ।

সমগ্ৰ দেশৰ লগতে বৰপেটাৰোডতো বৰ্তমান আইপিএলক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এক ভয়ংকৰ জুৱাৰ নেটৱৰ্ক। এই নেটৱৰ্কৰ বিৰুদ্ধে তৎপৰ হৈ উঠিছে স্থানীয় প্ৰশাসন। আজি বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত চাফাকামাৰৰ পৰা আছাবউদ্দিন নামৰ এজন কুখ্যাত আইপিএল জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ এই অভিযানত জুৱাৰীজনৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰমাণ উদ্ধাৰ কৰা হৈছে। যাৰ ভিতৰত আছেনগদ ধন,মোবাইল ফোন,জুৱা খেলত ব্যৱহৃত অন্যান্য সামগ্ৰী উল্লেখ্য যে, একাংশ অসাধু চক্ৰই প্ৰশাসনৰ চকুৰ সমুখতে দীৰ্ঘদিন ধৰি এই অবৈধ ব্যৱসায় চলাই আহিছে। আইপিএলক কেন্দ্ৰ কৰি চলি থকা এই জুৱাৰ ফলত বৰ্তমান অঞ্চলটোৰ বহু পৰিয়াল ধ্বংসৰ গৰাহত পৰিছে। বিশেষকৈ যুৱ প্ৰজন্ম এই মৰাত্মক নিচাত আসক্ত হৈ পৰা কাৰ্যই সচেতন মহলক চিন্তিত কৰি তুলিছে।আৰক্ষীয়ে জনোৱা মতে, ধৃত আছাবউদ্দিনক আজি যাৱতীয় সোধ-পোছৰ অন্তত বৰপেটা জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। অঞ্চলটোৰ পৰা এনে অবৈধ কাৰ্যকলাপ নিৰ্মূল কৰিবলৈ আৰক্ষীৰ এই অভিযান আগলৈও অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande