কবি জোণমনি দাসৰ দেহাৱসান
ডিব্ৰুগড়, ১২ মে (হি.স.)। কবি জোণমনি দাসৰ দেহাৱসান। আজি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎস্যালয়ত কবি জোণমনি দাসে পুৱা ১০:১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। শিৱসাগৰ জিলাৰ থানামুখৰ দৈবালঙীয়া গাঁৱত ১৯৮৫ চনৰ ৩১ মে'' ত জন্ম হৈছিল কবি জোনমণি দাসৰ। কবি জোণমনি দাসৰ
কবি জোণমনি দাসৰ দেহাৱসান


ডিব্ৰুগড়, ১২ মে (হি.স.)। কবি জোণমনি দাসৰ দেহাৱসান। আজি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎস্যালয়ত কবি জোণমনি দাসে পুৱা ১০:১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। শিৱসাগৰ জিলাৰ থানামুখৰ দৈবালঙীয়া গাঁৱত ১৯৮৫ চনৰ ৩১ মে' ত জন্ম হৈছিল কবি জোনমণি দাসৰ। কবি জোণমনি দাসৰ কাব্য সংকলন সমূহ হৈছে স্বপ্নবাক বৰষুণ,জলস্তম্ভ ,উৰণীয়া ছাঁ,নিনাদিত নিৰ্জনতা,সমকামী সূৰ্য,মৈথনৰত মাছ,কৈলাসৰ টোকাৰী,টেঙেচি ফুলৰ টোপনি।

শিশু সাহিত্য, মইনাহতৰ মইনামাত,কণমইনাৰ কুঁহিপাঠ,মইনাহঁঁতৰ ওমলা পদ্য,জোণমনি দাসৰ বটা-বাহন: স্বৰ্ণলিপি সাহিত্য বটাঁ ২০২৫ ,কিৰণ তামুলী শিশু সাহিত্য বটাঁ। কবি জোণমনি দাসে পত্নী সহ এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে। আজি আবেলি ভাগত শিৱসাগৰৰ নিজা জন্ম স্থানত অন্ত্যষ্টিক্ৰিয়া সম্পন্ন হ'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande