
তিনিচুকিয়া, ১২মে (হি.স.)। অচিনাক্ত বাহনৰ সন্ত্ৰাসত মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন গুৰুত্বৰভাৱে আহত। নামদাং চাহ বাগিচাৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন দ্ৰুতবেগী বাহনৰ।লিডু অভিমুখী দ্ৰুতবেগী অচিনাক্ত বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন চাৰিচকীয়া বাহনত সন্মূখৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে। পাছত বাহনখনে পুনৰ বিপৰীত দিশৰ পৰা আহি থকা এখন পালচাৰ বাইকত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে।
দুৰ্ঘটনাটোত বাইক চালকজন গুৰুতৰভাৱে আহত হয়।দুৰ্ঘটনাটোত চাৰিচকীয়া বাহনখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা লগতে পালচাৰ বাইকখন চূৰ্ণ- বিচূৰ্ণ হৈ পৰে।পত্যক্ষ দৰ্শীয়ে বাইক চালকক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি চিকিৎসাধীন লোকজন।পলাতক বাহনখনৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰে এক জোৰদাৰ অভিযান।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা