
দৰং, ১২ মে (হি.স.)। মঙ্গলদৈ মহাবিদ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত মঙ্গলদৈ গাওঁবুঢ়াপাৰাৰ নিৰুপম চহৰীয়া নামৰ যুৱক এজন।সংকট জনক অৱস্থাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন যুৱক জন। কোম্পানীত নিশাৰ দায়িত্ব পালন কৰিবলৈ গৈ থকা অৱস্থাত তীব্ৰ বেগী ট্ৰাকে পিছফালৰ পৰা মহটিয়াই নিয়ে চাইকেল আৰোহী নিৰুপমক। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে ডব্লিউ বি ১৮৮৯।যানবাহন আৰক্ষী বৰ্তমান সোধাপোচা কৰি আছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ চালক জনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ