
গুৱাহাটী, ১২ মে’ (হি.স.)। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা আজিৰ শপতগ্ৰহণ স্থলীত হঠাৎ নিৰাপত্তা সম্পৰ্কীয় এক ঘটনাই নিৰাপত্তাৰক্ষী সকলৰ মাজত যঠেষ্ট হুৱাদুৱাৰ সৃষ্টি কৰে । কটকটিয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো এজন ব্যক্তিৰ জিম্মাৰ পৰা এটা সজীৱ গুলী উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ।
সভাস্থলীত নিৰাপত্তা বাহিনী সমূহৰ নিৰীক্ষণৰ সময়ত ব্যক্তিজনে পিন্ধি যোৱা পেন্টৰ পকেটৰ ভিতৰত এটা খালী বা শব্দ উৎপাদনকাৰী ৰাউণ্ডৰ সৈতে সজীৱ গুলী উদ্ধাৰ কৰিব সক্ষম হয়। নিৰাপত্তাৰক্ষীৰ বিষয়াই লগে লগে ব্যক্তিজনক আটক কৰি সোধা-পোছাৰ বাবে লৈ যায়। বশিষ্ঠ থানাত বৰ্তমান লোক জনক জেৰা চলাই থকা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ