
শিৱসাগৰ, ১২ মে (হি.স.)। শিৱসাগৰ হাতীখোঁকত জয়সাগৰ আৰক্ষীৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে তীব্ৰ অভিযান। নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে এজনক আটক কৰে আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি জয়সাগৰ আৰক্ষীয়ে আজি পুৱতিনিশা চলাইছিল এই অভিযান। হাতীখোঁক মথাউৰিৰ কাষৰ বাসিন্দা আবুল আলিৰ বাসগৃহৰ পৰা উদ্ধাৰ প্ৰায় ৬০ কে জি নিষিদ্ধ গো মাংস ।
ঘটনাস্থলীৰ পৰা পলায়ন কৰা গৌতম দাস নামৰ এজন যুৱকক এক কিলোমিটাৰ নিলগত খেদি খেদি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। গৌতম দাসে আবুল আলিৰ নিৰ্দেশত আবুল আলিৰ বাসগৃহত নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ সহযোগী হিচাপে কাম কৰিছিল। আবুলৰ বাসগৃহৰ পৰা নিষিদ্ধ মাংস, দা, দগা পাল্লা, ৰেজিষ্টাৰ বুক আদিকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত পশুপালন বিভাগৰ চিকিৎসকৰ দল উপস্থিত হয়। নিষিদ্ধ মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত আবুল আলি পলাতক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ