কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ দিত্বীয় কাৰ্যকালৰ শপতগ্ৰহণৰ সৈতে সংগতি ৰাখি দুই কেজি ওজনৰ কেক কাটিলে অনুৰাগী
কোকৰাঝাৰ, ১২ মে (হি.স.)। হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ দিনাই কোকৰাঝাৰ স্থিত পাগলাবাবা মন্দিৰত পুজা অৰ্চনা কৰি তেওৰ মন্ত্ৰী সভাৰ দিত্বীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ সৈতে সংগতি ৰাখি দুই কেজি ওজনৰ কেক কাটে, তাৰ পিছত বৃদ
কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ দিত্বীয় কাৰ্যকালৰ শপতগ্ৰহণৰ সৈতে সংগতি ৰাখি দুই কেজি ওজনৰ কেক কাটিলে অনুৰাগী


কোকৰাঝাৰ, ১২ মে (হি.স.)। হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ দিনাই কোকৰাঝাৰ স্থিত পাগলাবাবা মন্দিৰত পুজা অৰ্চনা কৰি তেওৰ মন্ত্ৰী সভাৰ দিত্বীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ সৈতে সংগতি ৰাখি দুই কেজি ওজনৰ কেক কাটে, তাৰ পিছত বৃদ্ধা আৰু পথচাৰী ৰাইজৰ মাজত পেকেটলাঞ্চ বিতৰণ কৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভাকাংক্ষী তথা অনুৰাগী সকলে।

আগন্তত কাৰ্য্যকালত যাতে চৰকাৰ খনে আৰু অধিক উদ্যমেৰে কাম কৰিব পাৰে তাৰ বাবেও প্ৰাৰ্থনা কৰা বুলি জানিব পৰা যায়। উল্লেখযোগ্য যে আজি দ্বিতীয়বাৰৰ বাবে অসমৰ মূখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই আৰু যাক লৈ ৰাজ্যবাসীৰ মাজত এক উৎসৱমূখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হোৱাৰ সমান্তৰালকৈ বিটিচিৰ সদৰ চহৰ কোকৰাঝাৰতো ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী সকলে এনেদৰে উদযাপন কৰে আজিৰ দিনটো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande