
গুৱাহাটী, ১২ মে' (হি.স.)। অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি মঙলবাৰে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ বাকৰিত কেইবাহাজাৰ জনতাৰ সন্মুখত দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰিত্বৰ শপত ল’ব হিমন্ত বিশ্ব শৰ্মাই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰায় ২০ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী দেশৰ বিভিন্নজন ভিভিআইপি তথা ভি আই পিয়ে খানাপাৰাত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাকে ধৰি তেওঁৰ মন্ত্ৰী সভাই ল’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপতগ্ৰহণ কৰিব আন চাৰিগৰাকী নৱনিৰ্বাচিত বিধায়কে। গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগ, বোকাখাতৰ বিধায়ক অতুল বৰা, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে মন্ত্ৰী হিচাপে ল’ব শপত। সোমবাৰে নিশা সামাজিক মাধ্যমযোগে এই ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘‘আপোনালোকক পৰম উৎসাহেৰে জনাব বিচাৰোঁ যে কাইলৈ চাৰিগৰাকী সতীৰ্থই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত মোৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ তেখেতসকল হ’ল -ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো, অজন্তা নেওগ।’’
অসমত একেৰাহে তৃতীয়বাৰলৈ বিজেপিয়ে চৰকাৰ গঠনৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হবলৈ অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোমবাৰে নিশা ১১:৪০ মিনিটত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান। বৰঝাৰৰ পৰা পোনে পোনে কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী। বিমানবন্দৰত প্ৰধানমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মা, অগপ সভাপতি অতুল বৰাই উষ্ম আদৰণি জনায়। মঙলবাৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত অসম চৰকাৰৰ নৱনিৰ্বাচিত মন্ত্ৰীমণ্ডলীৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মোদী।
উল্লেখ্য যে তৃতীয় বাৰৰ বাবে বিজেপি মিত্ৰজোঁটে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ ওলাইছে যদিও এইবাৰ বিজেপি দলে অভিলেষ হাৰত ভোট লাভ কৰি অকলেই ৮২ খন আখনত বিজয়ী হ’বলৈ সক্ষম হৈছে। সেয়েহে শাসকীয় দলটোৰ বাবেও এই শপতগ্ৰহণ অনুষ্ঠান বিশেষ হৈ পৰিছে। প্ৰণিধানযোগ্য যে অসমত বিজেপি মিত্ৰজোঁটে ঐতিহাসিক জয় লাভ কৰিছে। অভিলেখ সৃষ্টি কৰি ১০২খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া