
ধুবুৰী, ১২ মে (হি.স.)। তামাৰহাটত পৰিবহণ বিভাগৰ অভিযান। অভিযানত নথি পত্ৰ উকলি যোৱা দুখন ট্ৰেক্টৰ জব্দ। বালি ভৰ্তি ট্ৰেক্টৰ খনৰ নম্বৰ এ আৰ ০৬ এ ৮৯৪৫ । ট্ৰেক্টৰখনৰ ভৰ্তি থকা বালিৰ নাই কোনো বৈধ কৰৰ নথি।
সামগ্ৰী বিহীন আছিল এ এছ ২৮ চি ৬১২৫ নম্বৰৰ ট্ৰেক্টৰ। পৰিবহন বিভাগে দুয়োখন ট্ৰেক্টৰৰ জৰিমনা বিহায়। উল্লেখ্য যে, হাতীধুৰা বন বিভাগক মেনেজ কৰি এটা চক্ৰই কৰ বিহীন ভাৱে গংগাধৰ নদী খনন কৰি শিল-বালিৰ ৰমৰমীয়া বেহা চলাই আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ