
শিৱসাগৰ, ১২ মে (হি.স.)। আজি ১২ মে' আন্তৰ্জাতিক ধাত্ৰী দিৱস । শিৱসাগৰৰ আদৰ্শ চিকিৎসালয়ত বিশ্ব ধাত্ৰী দিৱস উদযাপন গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে।
এই বিশেষ দিনটোত সমাজলৈ নিস্বাৰ্থ সেৱা আগবঢ়োৱা প্ৰতিগৰাকী নাৰ্ছ বা ধাত্ৰীক সন্মান জনোৱা হয়। প্ৰতিবছৰে ১২ মে' তাৰিখে এই দিৱস পালন কৰা হয়। ৰোগীৰ পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা নাৰ্ছসকলৰ অৱদানক স্বীকৃতি দিয়া হয় আজিৰ দিনটোতে
আধুনিক নাৰ্চিং সেৱাৰ প্ৰতিষ্ঠাপক ফ্লোৰেন্স নাইটিংগেলৰ জন্মজয়ন্তীক স্মৰণ কৰি এই দিৱস পালন কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু