
নেপালৰ ছাত্ৰ সংগঠনলৈ সকাহ, উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ অন্তৱৰ্তীকালীন স্থগিতাদেশ
কাঠমাণ্ডু, ১২ মে’ (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰি চৰকাৰে বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ সংগঠন বিলুপ্ত কৰাৰ সিদ্ধান্ত শীঘ্ৰে স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে। নেপালৰ ৮টা ছাত্ৰ সংগঠনে চৰকাৰৰ এই সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।
ন্যায়াধীশ শ্ৰীকান্ত পৌডেলৰ একক বিচাৰপীঠে ছাত্ৰ সংগঠনসমূহে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি আগন্তুক বিতৰ্কৰ বাবে দুয়োপক্ষকে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। এই ছাত্ৰ সংগঠনসমূহ নেপালী কংগ্ৰেছ, ইউএমএল, আৰু অন্যান্য ৰাজনৈতিক দলৰ সৈতে জড়িত। আবেদনখনত ছাত্ৰ সংগঠনসমূহে সংগঠনৰ স্বাধীনতা, মত প্ৰকাশৰ স্বাধীনতা, গণতান্ত্ৰিক অধিকাৰৰ সাংবিধানিক অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া