মৈৰাবাৰীত উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰ্ছেছ দিৱস
মৰিগাঁও, ১২ মে (হি.স.)। মৈৰাবাৰীত উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস।প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয় এই দিনটো।বিশ্বজুৰি নাৰ্ছসকলৰ অৱদান, ত্যাগ আৰু সেৱাক সন্মান জনোৱাৰ উদ্দেশ্যে উদযাপন কৰা হয় আজিৰ নাৰ্ছ দিৱস। মৈৰাবাৰী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত অন
মৈৰাবাৰীত উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰ্ছেছ দিৱস


মৰিগাঁও, ১২ মে (হি.স.)। মৈৰাবাৰীত উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস।প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয় এই দিনটো।বিশ্বজুৰি নাৰ্ছসকলৰ অৱদান, ত্যাগ আৰু সেৱাক সন্মান জনোৱাৰ উদ্দেশ্যে উদযাপন কৰা হয় আজিৰ নাৰ্ছ দিৱস।

মৈৰাবাৰী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নাৰ্ছ দিৱসত মৈৰাবাৰী চি এইছ চি আৰু উলুবাৰী নিউ পি এইছ চি'ৰ অন্তৰ্গত এ এন এম বাইদেউ সকলৰ উদ্যোগত অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানটোত অঞ্চলৰ নাৰ্ছ সকলে ফ্লোৰেন্সৰ জন্মদিন বন্তি প্ৰজ্বলন আৰু কেক কটাৰ লগতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে।উক্ত অনুষ্ঠানটোত উপস্থিত থাকে লাহৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া চিত্তৰঞ্জন হালদাৰ, লাহৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰবন্ধক বিষয়া বিদ্যুৎ বৰা,উলুবাৰী New Phc'ৰ ভাৰপ্তাপ স্বাস্থ্য বিষয়া আবু ছায়ীদকে আদি কৰি মৈৰাবাৰী আৰু লাহৰিঘাটৰ স্বাস্থ্য কৰ্মী সকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande