নেট-ইউজি ২০২৬ পৰীক্ষা বাতিল, অনিয়মৰ তদন্ত কৰিব চিবিআই
নতুন দিল্লী, ১২ মে’ (হি.স.)। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নেট-ইউজি ২০২৬ (NEET-UG 2026) পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পৰীক্ষাত হোৱা কথিত অনিয়ম আৰু তদন্তকাৰী সংস্থাসমূহৰ পৰা লাভ কৰা ইনপুটৰ ভিত্তিত সংস্থাটোৱে এই
नीट-यूजी परीक्षा रद्द (प्रतिकात्मक चित्र)


নতুন দিল্লী, ১২ মে’ (হি.স.)। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নেট-ইউজি ২০২৬ (NEET-UG 2026) পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পৰীক্ষাত হোৱা কথিত অনিয়ম আৰু তদন্তকাৰী সংস্থাসমূহৰ পৰা লাভ কৰা ইনপুটৰ ভিত্তিত সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোৰ বিস্তৃত তদন্ত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক অৰ্পণ কৰিছে।

মঙলবাৰে এন টি এয়ে এক বিবৃতিত কয় যে ৩ মে’ত অনুষ্ঠিত হ’বলগীয়া নেট-ইউজি ২০২৬ পৰীক্ষা প্ৰক্ৰিয়া বৰ্তমানৰ পৰিস্থিতিত অব্যাহত ৰাখিব নোৱাৰিব। পৰীক্ষা বাতিল আৰু পুনৰ পৰিচালনাৰ সিদ্ধান্ত লোৱা হৈছে স্বচ্ছতা, ন্যায়পৰায়ণতা, পৰীক্ষা ব্যৱস্থাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আস্থা বজাই ৰাখিবলৈ। নতুন পৰীক্ষাৰ তাৰিখ আৰু এডমিট কাৰ্ড পুনৰ জাৰি কৰাৰ সময়সূচী অতি সোনকালে চৰকাৰী চেনেলৰ জৰিয়তে ঘোষণা কৰা হ’ব। কেৱল চৰকাৰী তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰ নোহোৱা অপ্ৰমাণিত বাতৰি পৰিহাৰ কৰিবলৈ প্ৰাৰ্থী আৰু অভিভাৱকসকলক আহ্বান জনাইছে এন টি এয়ে।

বিবৃতিটোত এই সন্দৰ্ভত সবিশেষ তদন্ত চিবিআইক অৰ্পণ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে এনটিএই তদন্তকাৰী সংস্থাটোক প্ৰয়োজনীয় সকলো নথি-পত্ৰ, অভিলেখ, সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে।

এন টি এয়ে লগতে স্পষ্ট কৰি দিয়ে যে ২০২৬ চনৰ মে’ মাহৰ চক্ৰৰ বাবে পঞ্জীয়ন কৰা পৰীক্ষাৰ্থীৰ তথ্য, প্ৰাৰ্থীৰ মৰ্যাদা আৰু নিৰ্বাচিত পৰীক্ষা কেন্দ্ৰ আগন্তুক পুনৰ পৰীক্ষাৰ বাবে বৈধ হৈ থাকিব। পুনৰ পঞ্জীয়নৰ প্ৰয়োজন নহ’ব, আৰু কোনো অতিৰিক্ত পৰীক্ষাৰ মাচুল লোৱা নহ’ব।

সংস্থাটোৱে জনোৱা মতে, ইতিমধ্যে ছাত্ৰ-ছাত্ৰীয়ে জমা কৰা পৰীক্ষাৰ মাচুল ঘূৰাই দিয়া হ’ব, আৰু পুনৰ পৰীক্ষা এনটিএই নিজৰ আভ্যন্তৰীণ সম্পদৰ জৰিয়তে অনুষ্ঠিত কৰিব।

পুনৰ পৰীক্ষাৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ অসুবিধাৰ সৃষ্টি হ’ব বুলি এন টি এয়ে স্বীকাৰ কৰে যদিও পৰীক্ষা ব্যৱস্থাৰ ওপৰত আস্থা বজাই ৰাখিবলৈ এই পদক্ষেপ প্ৰয়োজনীয় আছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande