
নতুন দিল্লী, ১২ মে’ (হি.স.)। ছিচেলছৰ চৰকাৰী কৰ্মচাৰীসকলক সুশাসন, নীতি নিৰ্ধাৰণ, প্ৰযুক্তিগত উদ্ভাৱন, ন্যায়িক সংস্কাৰৰ দৰে বিষয়ত প্ৰশিক্ষণ দিয়াৰ বাবে মাছুৰীৰ নেশ্যনেল চেণ্টাৰ ফৰ গুড গভৰ্নেন্স (এনচিজিজি)ত এক সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰতিৰক্ষা, বিত্ত, শিক্ষা, ন্যায়পালিকা, ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা অহা ২৯ জন জ্যেষ্ঠ বিষয়াই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় কৰ্মচাৰী, জনঅভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে উল্লেখ কৰিছে যে দুসপ্তাহজোৰা এই প্ৰশিক্ষণ কাৰ্যসূচী মুছুৰী আৰু নতুন দিল্লীত ১১ মে’ৰ পৰা ২২ মে’লৈ অনুষ্ঠিত কৰা হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু ছিচেলছৰ মাজত স্বাক্ষৰিত চুক্তিৰ অধীনত তিনি বছৰৰ ভিতৰত ২৫০ জন চৰকাৰী কৰ্মচাৰীক প্ৰশিক্ষণ দিয়াৰ লক্ষ্য লোৱা হৈছে। এন চি জি জিৰ সঞ্চালক প্ৰধান ড° সুৰেন্দ্ৰকুমাৰ বাগাডেৰ সভাপতিত্বত উদ্বোধনী অধিৱেশন। তেওঁ কয় যে পাঠ্যক্ৰমটো বিষয়াসকলৰ পেছাদাৰী প্ৰয়োজনীয়তা অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে তেওঁলোকক উচ্চ প্ৰভাৱৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী ৰূপায়ণৰ ক্ষমতাৰে সজ্জিত কৰা।
প্ৰতিনিধি দলৰ নেতা এলেক্স হেণ্ডাৰছনে ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এই প্ৰশিক্ষণে কেৱল সামৰ্থ্য গঠন বৃদ্ধি কৰাই নহয়, দ্বিপাক্ষিক সম্পৰ্কও শক্তিশালী কৰিব। এই কাৰ্যসূচীয়ে ভাৰত আৰু ছিচেলছৰ মাজত ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু অধিক গভীৰ কৰি তুলিব।
কাৰ্যসূচীৰ সমন্বয়ক ড° বি. বিষ্টে কয় যে এই প্ৰশিক্ষণত সুশাসনৰ নীতি, নীতি নিৰ্ধাৰণ, প্ৰযুক্তিগত উদ্ভাৱন, ন্যায়িক সংস্কাৰ, ই-ক’ৰ্ট, চৰকাৰী ক্ৰয়ৰ স্বচ্ছতা, এ আই ভিত্তিক সুশাসন, পি এম গতি শক্তি, আৰু প্ৰশাসনিক নৈতিকতা আদি বিষয় সামৰি লোৱা হ’ব। দ্বিতীয় পৰ্যায়ত অংশগ্ৰহণকাৰীসকলক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ভ্ৰমণলৈ লৈ যোৱা হ’ব যাতে ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব পাৰে।
উল্লেখযোগ্য যে এনচিজিজিয়ে এতিয়ালৈকে ৫২খন দেশৰ ৫৫০০ৰো অধিক চৰকাৰী কৰ্মচাৰীক প্ৰশিক্ষণ দিছে। ইয়াৰ ভিতৰত শ্ৰীলংকা, বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ, কেনিয়া, তাঞ্জানিয়া, টিউনিছিয়া, গাম্বিয়া, মালদ্বীপ আৰু অন্যান্য আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশৰ বিষয়াসকলো আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ