সংঘৰ কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ কাইলৈ অসমলৈ আহিব ডা০ মোহন ভাগৱত
গুৱাহাটী, ১২ মে'' (হি.স.)। ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে পাঁচদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব । কাইলৈ অৰ্থাৎ ১৩ মে'' ৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে ৰাষ্ট্ৰীয়
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত (ফাইল ফোটো)


গুৱাহাটী, ১২ মে' (হি.স.)। ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে পাঁচদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব । কাইলৈ অৰ্থাৎ ১৩ মে' ৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকী হোজাইলৈ ৰাওনা হ'ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।

উল্লেখ্য, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প চৌহদত ১১ মে' ৰ পৰা ১ জুনলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ - এক ( দ্বিতীয় বৰ্ষ) প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে ৷ ১৪, ১৫ আৰু ১৬ মে' ত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক ৰ প্রশিক্ষণ শিৱিৰত ডা: মোহন ভাগৱতে তিনিদিন উপস্থিত থাকি ১৭ মে' ৰ পুৱা গুৱাহাটীলৈ উভতি আহিব । উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰশিক্ষণ বৰ্গত সৰসংঘচালক গৰাকীৰ নিয়মীয়া প্ৰবাসৰ এয়া অংশ বিশেষ ৷ ইফালে, হোজাইৰ প্ৰশিক্ষণৰ প্ৰবাস সামৰি ডা: মোহন ভাগৱতে ১৭ মে' ত গুৱাহাটীৰ বৰবৰীস্হ সুদৰ্শনালয়ত কিছু সময় জিৰণী লৈ সৰসংঘচালক গৰাকীয়ে নাগপুৰ অভিমুখে ৰাওনা হ'ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে । উল্লেখ্য, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প প্ৰাংগনত ১১ মে' ৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক ৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ ১ জুনত সামৰণি পৰিব । ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ দ্বাৰা পৰিচালিত উক্ত প্রশিক্ষণত সংঘ শিক্ষা বৰ্গৰ প্ৰশিক্ষণ লোৱা স্বয়ংসেৱক সকলেহে কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক ৰ প্রশিক্ষণত অংশ গ্রহণ কৰিব পাৰে । প্ৰশিক্ষণত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ উত্তৰ অসম, দক্ষিণ অসম, ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল সহ পাঁচ প্ৰান্তৰ মুঠ ১০৩ গৰাকী স্বয়ংসেৱকে অংশগ্ৰহণ কৰিছে ।

অসম ক্ষেত্ৰৰ অধীনৰ উত্তৰ অসম প্ৰান্তৰ ৫৬ গৰাকী, ত্ৰিপুৰা প্ৰান্তৰ ২০ গৰাকী, মণিপুৰ প্ৰান্তৰ ১৩ গৰাকী, দক্ষিণ অসম প্ৰান্তৰ ৮ গৰাকী আৰু অৰুণাচল প্ৰান্তৰ ৬ গৰাকী স্বয়ংসেৱকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande