
গুৱাহাটী, ১২ মে’ (হি.স.)। অসমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি মঙলবাৰে শপতগ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ চাৰিজন বিধায়কে অসমীয়াত শপত গ্ৰহণ কৰাৰ বিপৰীতে এজন বিধায়কে বড়ো ভাষাত শপত গ্ৰহণ কৰে।
ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ বিধায়ক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ আৰু অসম গণ পৰিষদ (অগপ)ৰ বিধায়ক অতুল বৰাই অসমীয়া ভাষাত শপত গ্ৰহণ কৰিছিল। ইফালে বড়োলেণ্ড পিপলচ ফ্ৰণ্ট (বিপিএফ)ৰ বিধায়ক চৰণ বড়োৱে বড়ো ভাষাত মন্ত্ৰী পদৰ বাবে শপত বাক্য পাঠ কৰে।
বগা ধূতি-কুৰ্তা পিন্ধি কান্ধত গামোছা লৈ সম্পূৰ্ণ অসমীয়া পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী