
গোলাঘাট, ১২ মে (হি.স.)। এফালে নতুন চৰকাৰৰ শপত গ্ৰহণ আনফালে গোলাঘাট জিলাৰ ৰঙাজান চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ। অসম চাহ মজদুৰ সংঘ ৰঙাজান থুৰাজান বাগিচাৰ সংঘৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। গোলাঘাট জিলাৰ ৰঙাজান চাহ বাগিচাৰ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ।
প্ৰাপ্য মজুৰি আৰু ৰেচন আদায়ৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পূৰুষ মহিলাই। প্ৰতিবাদকাৰী শ্ৰমিক সকলে অভিযোগ কৰে যে বহুদিন ধৰি তেওঁলোকৰ ন্যায্য অধিকাৰ আৰু সুবিধা সমূহৰ পৰা বঞ্চিত হৈ আহিছে। হাতে হাতে প্লেকাৰ্ড লৈ শ্লোগান দিয়া শ্ৰমিক সকলে শীঘ্ৰে দাবী পূৰণ নকৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা