লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত
হোজাই, ১২ মে (হি.স.)। লামডিঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা দক্ষিণ লামডিঙ স্কুলৰ সম্মুখত থকা ৰাজু গুপ্তা নামৰ এজন ব্যক্তিৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সম্পূৰ্ণ বাসগৃহ জুইত জাহ যা্য় । অগ্নি ন
লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত


হোজাই, ১২ মে (হি.স.)। লামডিঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা দক্ষিণ লামডিঙ স্কুলৰ সম্মুখত থকা ৰাজু গুপ্তা নামৰ এজন ব্যক্তিৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

জানিব পৰা মতে গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সম্পূৰ্ণ বাসগৃহ জুইত জাহ যা্য় । অগ্নি নিৰ্বাপক বাহিনীৰ দলটো এঘন্টা পলম কে ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয়।

স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে এই জুই নিয়ন্ত্ৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande