

গুৱাহাটী, ১২ মে (হি.স.)। এইবাৰ সোণাপুৰৰ কচুতলীৰ পৰা চলোৱা হৈছে চোৰাং গৰু সৰবৰাহৰ বেহা।
ক্ষেত্ৰী আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে চাৰি গো সৰবৰাহকাৰীক,
সোণাপুৰৰ কচুতলীৰ ৰছিদুল হকৰ নেতৃত্বত তিনি সৰবৰাহকাৰীয়ে দীৰ্ঘদিনৰে পৰা ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত গৰু চুৰিৰে চলাই আহিছিল সন্ত্ৰাস।
ধৃত আন তিনি সৰবৰাহকাৰী ক্ৰমে বকোৰ জহিৰুল ইছলাম , মহিদুল ইছলাম আৰু চেঙাৰ মনতাজ আলি।
বিগত নিশা AS01FW4389 নম্বৰৰ বিলাসী চুইফট বাহনেৰে দুটা গৰু সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ক্ষেত্ৰী আৰক্ষীক। আৰক্ষীয়ে খেদি খেদি তেতেলীয়া ভৰাগাঁৱৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয় চাৰি সৰবৰাহকাৰীক।
ধৃত গৰুচোৰকেইটাৰ পৰা আৰক্ষীয়ে চাৰিটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / Narayan Kar