
হোজাই, ১২ মে (হি.স.)। ১ নং কাকীত উন্মোচন হʼল ইশ্বৰ পুত্ৰ, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি ।
১ নং কাকী কেন্দ্ৰীয় গামখাৰু বিহু সমিতিৰ উদ্যোগত স্থাপন কৰা হৈছে ১৩ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিভাগ ।
খোল,তালৰ শব্দ আৰু উৰুলিৰ শব্দৰ মাজত প্ৰতিমূৰ্তিভাগ উন্মোচন কৰে হোজাই জিলা পৰিষদৰ সভানেত্ৰী জুন্টি ভাগৱতী আৰু শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক গজেন হাজৰিকাই ।
বন্তি প্ৰজ্বলন,পুষ্পাঞ্জলি নিবেদন আৰু উপস্থিত সকলোৱে সমস্বৰে মাৱাবিনী গীত গাই শ্ৰদ্ধা নিবেদন কৰে ইশ্বৰ পুত্ৰলৈ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু