
নলবাৰী, ১২ মে (হি.স.)। নলবাৰী জিলাৰ মুকালমুৱা স্থিত জি এন এম নাৰ্ছিং বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় নার্ছ দিৱস পালন । অনুষ্ঠানৰ আৰম্ভণিতে ফ্ল’ৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জি এন এম নাৰ্চিং বিদ্যালয়ৰ অধ্যক্ষ জোনমনি ডেকাৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: কৈলাশ ডেকাই নার্ছ সকলৰ ত্যাগ, নিষ্ঠা আৰু মানৱসেৱাৰ ভূমিকাৰ শলাগ লয়।
ইয়াৰ লগতে বিদ্যালয় খনৰ প্ৰাচীৰ পত্ৰিকা “নাহৰ” উন্মোচন কৰা হয় আৰু সেই পত্ৰিকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়।
ভাষণ, গীত-মাত, কবিতা আবৃত্তি, জিকিৰ আৰু নৃত্য আদি সাংস্কৃতিক কাৰ্যসূচীৰে ছাত্ৰী সকলে অনুষ্ঠানটো বৰ্ণাঢ্য কৰি তোলে। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, শিক্ষয়িত্ৰী, চিকিৎসাকৰ্মী আৰু বহু ছাত্ৰী উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু