কাঠমাণ্ডুৰ পৰা উভতি অহা ভাৰতীয় তীৰ্থযাত্ৰী কঢ়িওৱা বাহন দুৰ্ঘটনাৰ ফলত ৯ জন আহত
কাঠমাণ্ডু, ১২ মে’ (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা উভতি অহা তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাহনত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত আহত হৈছে ৯ জন ভাৰতীয় নাগৰিক। সোমবাৰে পুৱা ২:১০ বজাত মাকৱানপুৰ জিলাৰ ইন্দ্ৰাসৰোৱৰৰ সমীপৱৰ্তী লেমবগৰৰ ছিছনেৰী-দক্ষিংকা
भारतीय तीर्थयात्री से भरी गाडी दुर्घटनाग्रस्त


কাঠমাণ্ডু, ১২ মে’ (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা উভতি অহা তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাহনত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত আহত হৈছে ৯ জন ভাৰতীয় নাগৰিক। সোমবাৰে পুৱা ২:১০ বজাত মাকৱানপুৰ জিলাৰ ইন্দ্ৰাসৰোৱৰৰ সমীপৱৰ্তী লেমবগৰৰ ছিছনেৰী-দক্ষিংকালী পথত সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, কাঠমাণ্ডুৰ পৰা হেটাউণ্ডা অভিমুখে গৈ থকা বি পি ০১-০৩৩ চি এইচ ৫২৫৮ নম্বৰৰ গাড়ীখনৰ ব্ৰেক বিকল হয়। খনিখেট আৰু ছিছনেৰীৰ আৰক্ষীৰ দল দুৰ্ঘটনাটোৰ তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয়। গাড়ীখনত চালকসহ মুঠ ১১জন লোক আছিল, য’ত আছিল ৯জন ভাৰতীয় নাগৰিক আৰু দুজন নেপালী নাগৰিক।

ভাৰতৰ বিহাৰ ৰাজ্যৰ দৰভঙাৰ বাসিন্দা ৰাম বিনয় ঝা (৬০), নিৰ্মলা দেৱী (৭০) আৰু অনিতা দেৱী (৫৫) গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ মূৰত আঘাত পাইছে। দুয়োকে প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি মঙলবাৰে পুৱা ভৰতপুৰৰ চিতৱান চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। প্ৰজ্ঞা দেৱী (৫৬)ৰ বাওঁহাত, ৰুদ্ৰকুমাৰী ঝা (৫২)ৰ সোঁ ভৰিত আঘাত, আৰু ছাত্ৰধৰ চৌধাৰী (৭৪) দুয়োহাতত আঘাতপ্ৰাপ্ত হয়। লগতে আহত হয় হামৰানাথ ঝা (৬৭), অমৰনাথ ঝা (৬৬) আৰু অনিতা ঝা (৪২)।

মাকৱানপুৰ জিলা আৰক্ষীৰ মুখপাত্ৰ ৰাজু প্ৰসাদ কুৰ্মীয়ে জনোৱা মতে, আহত আটাইকেইজনক প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা হৈছে। আলকা হাস্পতালত আটাইকেইজনৰ চিকিৎসা চলি আছে। ধনুষা লক্ষ্মীণীয়া নিবাসী প্ৰায় ৩০ বছৰীয়া পিণ্টু সিং নামৰ চালকজনক আটক কৰা হৈছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande