
‘দৃশ্যম ৩’ৰ বাবে অনুৰাগীৰ মাজত উত্তেজনা বাঢ়িছে। প্ৰযোজক কুমাৰ মংগত পাঠক আৰু অভিষেক পাঠকে প্ৰকাশ কৰিছে যে হিন্দী আৰু মলয়ালম দুয়োটা সংস্কৰণতে ‘দৃশ্যম ২’ৰ কাহিনী অব্যাহত থাকিব, কিন্তু হিন্দী সংস্কৰণত কাহিনী, চিত্ৰনাট্য আৰু উপস্থাপনৰ কেইবাটাও উল্লেখযোগ্য পৰিৱৰ্তন দেখা যাব। প্ৰযোজকসকলৰ মতে এই পৰিৱৰ্তনৰ উদ্দেশ্য হৈছে ছবিখনক হিন্দী দৰ্শকৰ সৈতে ভালদৰে সংযোগ কৰা।
ছবিখনত পুনৰবাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগনে। অভিষেক পাঠকে উল্লেখ কৰে যে এইবাৰ দৰ্শকে কিছু নতুন আৰু অনন্য দিশ দেখিব আৰু ছবিখন কেৱল পুৰণি কাহিনীৰ পুনৰাবৃত্তি নহ’ব। তেওঁ ইংগিত দিয়ে যে ছবিখনত থ্ৰিল আৰু ছাচপেন্স লেভেল পূৰ্বতকৈ আৰু অধিক হ’ব।
ফ্ৰেঞ্চাইজিৰ উত্তৰাধিকাৰ অব্যাহত ৰাখি ২ অক্টোবৰত ছবিগৃহত মুক্তি পাব বুলিও প্ৰযোজকসকলে নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে ২১ মে’ত মুক্তি পাব মোহনলাল অভিনীত মালয়ালম ‘দৃশ্যম ৩’।ইয়াৰ উপৰিও পেনোৰামা ষ্টুডিঅ’ই অতি সোনকালে মালয়ালম চিনেমাত প্ৰৱেশ কৰিব, য’ত মোহনলালে মুখ্য চৰিত্ৰত অভিনয় কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ