
গুৱাহাটী, ১২ মে' (হি.স.)। একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমবাসীৰ আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
ড. শৰ্মাৰ লগতে বিজেপিৰ দুজন আৰু মিত্ৰ দল অগপ আৰু বিপিএফৰ এজনকৈ বিধায়কে আজি মন্ত্ৰীত্বৰ শপত লয়। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই শপত বাক্য পাঠ কৰোৱায়। অসমত বিজেপি চৰকাৰৰ তৃতীয়টো কাৰ্যকালত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ বিপৰীতে মন্ত্ৰিত্বৰ শপত লয় গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগ, বোকাখাতৰ বিধায়ক অতুল বৰা, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে।
সুবিশাল মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহুকেইগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত লয় হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণ সমাৰোহত ড. হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু অগপ সভাপতি অতুল বৰাই অসমীয়াত শপত বাক্য পাঠ কৰাৰ লগতে বিপিএফৰ বিধায়ক চৰণ বড়োৱে বড়োভাষাত শপত লয়। দিনৰ ১১.৪৪ বজাৰ লগতে লগে শপত লয় ড. হিমন্ত বিশ্ব শৰ্মাই ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী